পঞ্চায়ত নিৰ্বাচনত বৃহৎ সংখ্যক প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত, শাসকীয় মিত্ৰজোটৰ আধিপত্য়
গুৱাহাটী, ১৮ এপ্ৰিল (হি.স.)। সমাগত পঞ্চায়ত নিৰ্বাচনত বুজন সংখ্যক প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইয়াৰ ভিতৰত শাসকীয় দল বিজেপিৰ সৰ্বাধিক প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে । বৃহস্পতিবাৰে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোৰ পাছ
পঞ্চায়ত নিৰ্বাচনত বৃহৎ সংখ্যক প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত


গুৱাহাটী, ১৮ এপ্ৰিল (হি.স.)। সমাগত পঞ্চায়ত নিৰ্বাচনত বুজন সংখ্যক প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইয়াৰ ভিতৰত শাসকীয় দল বিজেপিৰ সৰ্বাধিক প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে । বৃহস্পতিবাৰে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোৰ পাছতে প্ৰকাশ পাইছে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীৰ তালিকা। এই ক্ষেত্ৰত শাসকীয় মিত্ৰজোটৰ প্ৰাৰ্থীয়ে আধিপত্য় বিস্তাৰ কৰিছে।

পঞ্চায়ত নিৰ্বাচনৰ ৩৭ খন জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিয়ে ৩৫খন, অগপই ২খন জিলা পৰিষদ দখল কৰিছে। ইফালে আঞ্চলিক পঞ্চায়তৰ ৩১১ খন আসনতো বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইয়াৰে বিজেপিয়ে ২৫৯ খন, অগপই ২৯ খন, নিৰ্দলীয়ই ১৩ খন আসন দখল কৰিছে। ইফালে কংগ্ৰেছ দলে বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিলে মাত্ৰ ৯ খন আসন। আনহাতে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই দখল কৰিলে ১ খন আসন।

ইফালে বিনা প্ৰতিদ্বন্দ্বিতাৰে সৰহ সংখ্যক প্ৰাৰ্থী বিজয়ী হোৱাত আত্মবিশ্বাসী হৈ পৰিছে বিজেপি মিত্ৰজোঁট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া ৰাইজৰ মৰম আৰু আস্থা বুলি অভিহিত কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়- অসমৰ ৰাজনৈতিক ইতিহাসত এয়া এক বৃহৎ আৰু অভূতপূৰ্ব আদেশ। এন ডি এৰ প্ৰতি আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোডীৰ প্ৰতি অসমৰ জনসাধাৰণৰ যি অপৰিসীম আস্থা আৰু আপ্লুত মৰম আছে, তাৰ প্ৰতিফলন ঘটিছে। আমি নিশ্চিত যে যেতিয়া চূড়ান্ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব, তেতিয়া এই সংখ্যা আৰু অধিক আকৰ্ষণীয় হৈ উঠিব। অসমৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এয়ে পুনৰ সৱল ৰূপত উজলি উঠিব। মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা আৰু দলৰ নিষ্ঠাবান কৰ্মকৰ্তাসকলৰ অক্লান্ত প্ৰচেষ্টা আৰু অদম্য দায়বদ্ধতাৰ বাবে গভীৰ কৃতজ্ঞতা ব্যক্ত কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande