অসম বিজেপিৰ উদ্যোগত ৱাকফ সংশোধনী আইন সন্দৰ্ভত কৰ্মশালা, বিৰোধীয়ে বিভ্ৰান্তি বিয়পোৱাৰ অভিযোগ
গুৱাহাটী, ১৮ এপ্ৰিল (হি.স.)। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত শুকুৰবাৰে ৱাকফ সংশোধনী আইন ২০২৫ সন্দৰ্ভত জনজাগৰণ অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাত ৱাকফ আইনৰ বিভিন্ন ইতিবাচক দিশৰ পৰ্যা
অসম বিজেপিৰ উদ্যোগত ৱাকফ সংশোধনী আইন সন্দৰ্ভত কৰ্মশালা


গুৱাহাটী, ১৮ এপ্ৰিল (হি.স.)। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত শুকুৰবাৰে ৱাকফ সংশোধনী আইন ২০২৫ সন্দৰ্ভত জনজাগৰণ অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰা হয়।

এই কৰ্মশালাত ৱাকফ আইনৰ বিভিন্ন ইতিবাচক দিশৰ পৰ্যালোচনা কৰা হৈছিল। এই উপলক্ষে ৰাজ্যৰ সভাপতি দিলীপ শইকীয়াই কয় যে কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহে এই আইনক লৈ ভুৱা অপপ্ৰচাৰ চলাই সাধাৰণ জনতাৰ লগতে মুছলমান সমাজৰ মাজত বিভ্ৰান্তিৰ পৰিৱেশ সৃষ্টি কৰি ৰাজ্যখনক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে। তেওঁ কয় যে আমি আমাৰ কৰ্মীসকলক সজাগ হৈ থাকিবলৈ আৰু এই আইনখনৰ ইতিবাচক দিশসমূহ জনসাধাৰণৰ মাজত বিয়পাই দিবলৈ আহ্বান জনাইছো।

কাৰ্যসূচীত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক অনিল কে. এণ্টনি, সাংগঠনিক সাধাৰণ সম্পাদক আৰ ৰবীন্দ্ৰ ৰাজু, নগাঁও বিধায়ক ৰূপক শৰ্মা, সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান, মিডিয়া পেনেলিষ্ট জাফৰিন মহজাবীন আৰু ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা কৰ্মীসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande