বহাগৰ প্ৰথম দিনটোতেই এজন যুৱকৰ মৃ্ত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি
গোলাঘাট, ১৬ এপ্ৰিল (হি.স.)। বহাগৰ প্ৰথম দিনটোতেই এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি। দেৰগাঁৱৰ জেলমনি গাঁৱৰ বিশাল দাস নামৰ এজন যুৱক ৯ তাৰিখে ঘৰৰ পৰা কিছু আতঁৰত এখন ক্ৰিকেট খেল চাবলৈ গৈছিল । খেল শেষ হোৱাৰ পাছত পুৱতি নিশা যুৱক জনক স্থান
বহাগৰ প্ৰথম দিনটোতেই এজন যুৱকৰ মৃ্ত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি


গোলাঘাট, ১৬ এপ্ৰিল (হি.স.)। বহাগৰ প্ৰথম দিনটোতেই এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি। দেৰগাঁৱৰ জেলমনি গাঁৱৰ বিশাল দাস নামৰ এজন যুৱক ৯ তাৰিখে ঘৰৰ পৰা কিছু আতঁৰত এখন ক্ৰিকেট খেল চাবলৈ গৈছিল । খেল শেষ হোৱাৰ পাছত পুৱতি নিশা যুৱক জনক স্থানীয় একাংশ লোকে মুৰ্মুষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে । কিন্তু মঙ্গলবাৰ অৰ্থাৎ কালি যুৱকজনক যোৰহাটৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকাৰ পথতে মৃত্যু হয়। তাৰ পাছতেই জেলমনি অঞ্চলত শোকৰ ছাঁ পৰাৰ লগতে সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ।

মৃত দেহ মৰাণৰ পৰা ঘুৰাই আনি মঙ্গলবাৰে নিশাৰ ভাগত দেৰগাঁও থানাত সুমুৱাই স্থানীয় ৰাইজে। এক মাত্ৰ পুত্ৰৰ মৃত্যুত পিতৃ অজন্ত দাস আৰু মাতৃ ৰেখা দাস শোকত ভাঙি পৰে । মৃত্যু হোৱা ছাত্র জনৰ উচিত তদন্তৰ বাবে দেৰগাঁও থানাত এজেহাৰ দাখিল কৰে।সেই মুহুৰ্তত থানা চৌহদৰ বাহিৰত সৃষ্টি হয় এক শোকাকুল উত্তেজনাময় পৰিস্থিতিৰ । আনহাতে বুধবাৰে জেলমনি গাঁৱৰ গাঁওবাসী দেৰগাঁও থানালৈ আহি অতি শীঘ্ৰে উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande