ব'হাগৰ দ্বিতীয়টো দিনত সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমত বিহুৰ লহৰ
গুৱাহাটী, ১৬ এপ্ৰিল (হি.স.)। ব'হাগৰ দ্বিতীয়টো দিনত সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমত বিহুৰ লহৰ। পৰিয়াল তথা আত্মীয়স্বজনৰ পৰা আঁতৰত থকা ককা-আইতাসকলৰ মাজত ৰঙালীৰ সুবাস বিলাবলৈ আগবাঢ়ি আহিল ডিমৰীয়াৰ কেইবাটাও দল‌ সংগঠন। বৃদ্ধাশ্ৰমৰ আৱাসী ককা-আইতাসকল যাত
ব'হাগৰ দ্বিতীয়টো দিনত সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমত বিহুৰ লহৰ


ব'হাগৰ দ্বিতীয়টো দিনত সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমত বিহুৰ লহৰ


গুৱাহাটী, ১৬ এপ্ৰিল (হি.স.)। ব'হাগৰ দ্বিতীয়টো দিনত সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমত বিহুৰ লহৰ। পৰিয়াল তথা আত্মীয়স্বজনৰ পৰা আঁতৰত থকা ককা-আইতাসকলৰ মাজত ৰঙালীৰ সুবাস বিলাবলৈ আগবাঢ়ি আহিল ডিমৰীয়াৰ কেইবাটাও দল‌ সংগঠন।

বৃদ্ধাশ্ৰমৰ আৱাসী ককা-আইতাসকল যাতে ৰঙালীৰ আনন্দৰ পৰা বঞ্চিত নহয় তাৰ বাবে তেওঁলোকলৈ আগবঢ়োৱা হ'ল বিহুৱানৰ লগতে বিহুৰ জলপান। স্থানীয় দল সংগঠনৰ সদস্যসকলৰ এই প্ৰচেষ্টাত আনন্দিত বৃদ্ধাশ্ৰমৰ আৱাসী ককা-আইতাসকল। একেলগে জুৰিলে বিহুনাম , নাচিলে কঁকাল‌ ঘূৰাই। ইয়াকে লৈ বৃদ্ধাশ্ৰমখনৰ চৌহদত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande