বাক্সা, ১৬ এপ্ৰিল (হি.স.)। কুমাৰীকাটাৰ গণেশগুৰিত ৰংজালী বৈখাগু উৎসৱৰ আয়োজন ৷ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ গণেশগুৰিত এই উৎসৱত ঘটিব জাতি জনগোষ্ঠীৰ লোকনৃত্যৰ পয়োভৰ ৷
পৰিণত হ’ব শান্তি - সম্প্ৰীতিৰ একক নিদৰ্শন হৈ সমন্বয় মহমিলন থলীত ৷ এই বৈখাগু উৎসৱ উপস্থিত থাকিব ভূটান ৰাষ্ট্ৰৰ শিল্পীবৃন্দ। উপস্থিত থাকিব অৰুণাচলৰ চিংফৌ ৰজা ,বিধান সভাৰ অধক্ষ বিশ্বজিত দৈমাৰী সাংসদ তথা ৰাজ্যিক বিজেপি দলৰ সভাপতি দিলীপ শইকীয়া তথা বিধায়ক সকল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা