বৰপেটা, ১৬ এপ্ৰিল (হি.স.)। সৰভোগৰ ৭ নং নিচুকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৯ নং খণ্ডৰ সাহপুৰ সৰভোগ গাৱৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী কুলছুম খাতুন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে। নিচুকা পঞ্চায়তৰ ৰাইজৰ যথেষ্ট সহাৰি সমৰ্থনত উৎকণ্ঠা বৃদ্ধি পাইছে ভোটাৰ ৰাইজৰ মাজত । দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ লক্ষ্যৰে আৰু ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৯ নং খণ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী কুলছুম খাতুনে ।
কুলছুম খাতুনৰ প্ৰতীক চিহ্ন হৈছে টৰ্চ লাইট বিশেষকৈ নিচুকা পঞ্চায়তৰ মূল সমস্যা হৈছে ৰাস্তা ঘাট আৰু গৰাহখহনী বিধৱা পেঞ্চন , অৰুনোদয় আচনিৰ সমস্যা এই সকলো সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে । বিগত সময়ছোৱাত ৱাৰ্ড সদস্যই যি উন্নয়নৰ কাম কৰিছিল তাতকৈ এইবাৰ কুলছুম খাতুনে অধিক উন্নয়নৰ কাম কৰিব বুলি জানিব দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ