ধুবুৰী, ১৬ এপ্ৰিল (হি.স.)। ৰাজ্যৰ অইন—অইন ঠাইৰ লগতে ধুবুৰী লোকসভা সমষ্টিৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়ত আৰু জিলা পৰিষদ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমৃহৰ দলীয় প্ৰাৰ্থী আৰু নেতা—কৰ্মী সকলে যিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা পৰিলক্ষিত হৈছে ৷এইগৰাকী হৈছে গৌৰীপুৰ বিধানসভা সমষ্টিৰ ১৪ নং পানবাৰী ৰঙামাটি জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুৰ ৰেজ্জাক আলী সেখ ৷আব্দুৰ ৰেজ্জাক আলী সেখে ৰাইজৰ দলৰ দলীয় প্ৰাৰ্থী লাভ কৰাত শাসকীয় বিজেপি , এ আই ইউ ডি এফ , কংগ্ৰেছ আদিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ দলীয় প্ৰাৰ্থী আৰু নেতা—কৰ্মী সকলৰ অংকত আউল লাগিছে ৷
ইতিমধ্যে এইগৰাকী ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুৰ ৰেজ্জাক আলী সেখে জিলা পৰিষদ সমষ্টিটোৰ ভোটাৰৰ ঘৰে—ঘৰে পদযাত্ৰা কৰি উপস্থিত হৈ ভোট বিচাৰি থকা পৰিলক্ষিত হৈছে ৷পানবাৰী ৰঙামাটি জিলা পৰিষদৰ পৰা এ আই ইউ ডি এফ দলৰ পৰা আলমগঞ্জ জিলা পৰিষদৰ প্ৰাক্তন সদস্য ওমৰ আলী সেখ , বিজেপি দলৰ পৰা আলমগঞ্জ জিলা পৰিষদৰ প্ৰাক্তন সদস্যা ফৰিদা খাতুন , কংগ্ৰেছ দলৰ পৰা আশাৰীকান্দি গাঁও পঞ্চায়তৰ এ আই ইউ ডি এফ দলৰ প্ৰাক্তন আঞ্চলিক সদস্য ছানোবাৰ হুছেইন আৰু ৰাইজৰ দলৰ পৰা আব্দুৰ ৰেজ্জাক আলী সেখে প্ৰতিদন্দিতা কৰিছে ৷কিন্ত চাৰিগৰাকী প্ৰাৰ্থীৰ ভিতৰত ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুৰ ৰেজ্জাক আলী সেখৰ জিলা পৰিষদ সমষ্টিটোত জনপ্ৰিয়তা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷আনকি ছানোৱাৰ হুছেইনৰ ওপৰত সমষ্টিটোৰ একাংশ ভোটাৰে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷
কংগ্ৰেছ দলে কংগ্ৰেছী নেতা—কৰ্মীক দলীয় প্ৰাৰ্থী নিদি এইগৰাকী এ আই ইউ ডি এফ কৰা নেতা ছানোৱাৰ হুছেইনক দলীয় প্ৰাৰ্থী দিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে একাংশ কংগ্ৰেছী নেতা—কৰ্মী সকল ৷গৌৰীপুৰ বিধানসভা সমষ্টিত চাৰিখন জিলা পৰিষদ সমষ্টি আছে তাৰ ভিতৰত অতি গুৰুত্বপুৰ্ণ সমষ্টি হৈছে পানবাৰী ৰঙামাটি জিলা পৰিষদ সমষ্টি ৷বিজিপি , এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থী নেতা—কৰ্মীৰ মুৰৰ কামোৰনি হৈ পৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুৰ ৰেজ্জাক আলী সেখ ৷ৰাইজৰ দলৰ প্ৰাৰ্থীৰ লগত নিৰ্বাচনী যুঁজ দিয়াৰ বাবে বিজেপি , এ আই ইউ ডি এফ , কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থী ওমৰ আলী , ছানোৱাৰ হুছেইন আৰু ফৰিদা খাতন দলীয় নেতা—কৰ্মী সকলে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ