গোলাঘাট, ১৬ এপ্ৰিল (হি.স.)। গোলাঘাটৰ খেজুৰীতলত আজি ভয়ংকৰ পথ দুৰ্ঘটনা।চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীৰ বাবে ভাত লৈ অহাৰ পথত পথ দুৰ্ঘটনাত পতিত দম্পত্তি। দুৰ্ঘটনা পতিত হৈ উফৰি চলন্ত ডাম্পাৰৰ তলত সোমাই মৃত্যু স্বামীৰ।সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি পত্নীক।মৃত্যু হোৱা লোকজনৰ নাম বিপুল সোণোৱাল।
এ এছ ০৫ এক্স ২৮৪৮ নম্বৰৰ এম টি ১৫ বাইকত মেৰাপানীৰ পৰা আহিছিল দম্পত্তি। ইপিনে, এ এছ ০৫ ভি ৫৪৫৩ নম্বৰৰ বাইকত বিপৰীত দিশৰ পৰা অহা গুৰুচৰণ সিং নামৰ লোকজনৰ সৈতে হৈছিল মুখামুখি সংঘৰ্ষ।দুৰ্ঘটনাৰ ওমান নাপাই বিপুল সোণোৱালৰ ওপৰেৰে চলি যায় এখন ডাম্পাৰ।ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ