গোলাঘাট, ১৬ এপ্ৰিল (হি.স.)। নুমলীগড় শোধনাগাৰৰ থলুৱা ঠিকা প্ৰতিষ্ঠান আসাম ভেলী নামৰ ঠিকা প্ৰতিষ্ঠান টোৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা গোবিন্দপুৰ গাৱঁত থকা মিক্সাৰ বেচিন প্লান্টত থকা চিমেণ্ট গুদামৰ পৰা আজি পুৱতি নিশা বৃহৎ পৰিমানৰ উদ্যোগিক চিমেণ্ট চুৰি হয়৷
ইতিমধ্যে চুৰি চিমেণ্টৰ কিছু চিমেণ্ট কাষতে থকা পকী দেৱাল থকা চৌহদত উদ্ধাৰ হয়৷ চুৰিৰ সময়ত প্লান্টটোৰ কৰ্মচাৰীয়ে হূলস্থূল কৰাত চুৰ পলাই যাবলৈ সক্ষম হয়৷ ইতিমধ্যে নুমলীগড় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও তথ্য প্ৰমাণ লাভ কৰাৰ পিছতো চোৰৰ গেংটোক ধৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ