ধেমাজি, ১৬ এপ্ৰিল (হি.স.)। জোনাইৰ হাতিজান বড়ো গাওঁত আজি ঘৰে ঘৰে বৈশাগুৰ গাই আনন্দত উলাহ কৰিছে বড়ো ডেকা গাভৰু৷বিহুত মতলীয়া সমগ্ৰ অসম৷ এই বিহুৰ সময়ত নাচি বাগি আনন্দ আনন্দ উলাহত ব্যস্ত বড়ো ৰাইজ৷ পিছ পৰা নাই জোনাইৰ বড়ো সমাজ৷ এই দৃশ্য
জোনাইৰ হাতিজান বড়ো গাৱঁত পুৱাৰ ভাগৰ পৰাই ঘৰে ঘৰে বিহু মাৰি আনন্দ মতলীয়া হয় পৰিছে বড়ো যুৱক যুৱতী সকল৷ কান্দত খাম, হাতে হাতে চিফুঙ লৈ বড়ো যুৱক যুৱতী সকলে ঘৰে ঘৰে বৈশাগু মাৰি ফূৰ্তি কৰা দেখা গল বড়ো যুৱক যুৱতী সকলক৷ বড়ো গীত গাই বৈশাগুত এনেদৰে আনন্দ কৰিছে গৃহস্থৰ লগতে যুৱক যুৱতী সকল৷ পান তামোল দি সেৱা বিহুৱা দলৰ পৰা আৰ্শীবাদ লৈছে গৃহস্থই৷ বহাগৰ সাতদিন ধৰি এনেদৰে ঘৰে ঘৰে বিহু মাৰি বৈশাগু পালন কৰিব বড়ো ৰাইজে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ