পুনৰ বহিঃৰাজ্যত অসমৰ শ্ৰমিকৰ মৃত্যু
বাক্সা, ১৬ এপ্ৰিল (হি.স.)। পুনৰ বহিঃৰাজ্যত অসমৰ শ্ৰমিকৰ মৃত্যু। অৰুণাচলৰ চিয়াং জিলাৰ আলো আৰক্ষী থানা এলেকাত ৰাজ মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল মৃত্যু হোৱা শ্ৰমিকজন। মৃত্যু হোৱা শ্ৰমিকজন বাক্সাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত বুনমাজা পাথাৰ গাঁওৰ জে
পুনৰ বহিঃৰাজ্যত অসমৰ শ্ৰমিকৰ মৃত্যু


বাক্সা, ১৬ এপ্ৰিল (হি.স.)। পুনৰ বহিঃৰাজ্যত অসমৰ শ্ৰমিকৰ মৃত্যু। অৰুণাচলৰ চিয়াং জিলাৰ আলো আৰক্ষী থানা এলেকাত ৰাজ মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল মৃত্যু হোৱা শ্ৰমিকজন।

মৃত্যু হোৱা শ্ৰমিকজন বাক্সাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত বুনমাজা পাথাৰ গাঁওৰ জেহেৰুল ইছলাম। জেহেৰুল ইছলামক সমনীয়াই কাম কৰিবলৈ নি হত্যা কৰি হাত ভৰি বান্ধি পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ। নিজ কৰ্মস্থলীৰ পৰা ৯ দিন ধৰি সন্ধানহীন হৈ থকা জেহেৰুল ইছলামৰ মৃতদেহ আৰক্ষীয়ে গতাই দিয়ে পৰিয়ালৰ লোকক।

এই ঘটনাক লৈ ভুক্তভোগী পৰিয়ালৰ লোকে আলো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। পৰিয়ালৰ লোকে সন্দেহ কৰামতে সমনীয়া হাৰিজুল ইছলাম আৰু মুনছেৰ আলীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ আহ্বান ভুক্তভোগী পৰিয়ালৰ। উল্লেখ্য যে জেহেৰুল ইছলামৰ মৃতদেহ নিজ বাসগৃহ আহি পোৱাৰ পাছতেই কান্দোনৰ ৰোল উঠিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande