শিৱসাগৰ, ১৬ এপ্ৰিল (হি.স.)। শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তত নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে সকলো দলৰে প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। বিশেষকৈ অসম গণ পৰিষদ (অগপ)-ৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰে আজি পুৱাৰ পৰা উল্লেখযোগ্য গতি লৈছে। আজিৰে পৰা অগপৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী তৰুণ গগৈ আৰু খনামুখ গাঁও পঞ্চায়তৰ ৯নং ৱাৰ্ডৰ প্ৰাৰ্থী লক্ষীমাই দুৱৰাই দলীয় কৰ্মীসকলক সংগ লৈ চিন্তামনিগড় অঞ্চলত ঘৰে ঘৰে গৈ জনসংযোগমূলক নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়।
স্থানীয় ৰাইজৰ সহাঁৰি তথা উৎসাহব্যঞ্জক প্ৰতিক্ৰিয়াই প্ৰাৰ্থী দুগৰাকীক উৎসাহিত কৰিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে তেওঁলোকে।উল্লেখযোগ্য যে এই গাঁও পঞ্চায়তখন অসম গণ পৰিষদৰ বিধায়ক থকা পুৰণি আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত। ফলস্বৰূপে, এইবাৰ খনামুখত ৰাজনৈতিক মহলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এনে প্ৰেক্ষাপটত অসম গণ পৰিষদৰ প্ৰচাৰত ৰাইজে যি ধৰণে সহাঁৰি আগবঢ়াইছে, তাক দলটোৰ বাবে বিশেষ তাৎপৰ্যপূর্ণ হিচাপে গণ্য কৰা হৈছে।নিৰ্বাচনৰ দিন ওচৰ চাপি আহি থকা পৰিস্থিতিত প্ৰাৰ্থীসকলে ৰাইজৰ দুখ-সুখত সংগী হোৱাৰ, উন্নয়নমূলক আশ্বাস প্ৰদানৰ লগতে গাঁও উন্নয়নৰ দিশত দৃঢ় পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ