মানকাচৰ, ১৬ এপ্ৰিল (হি.স.)। পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদ সমষ্টিৰ দুই প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ উত্থাপন মানকাচৰ আম আদমী পাৰ্টীৰ মানকাচৰত আজি আম আদমী পাৰ্টীৰ মানকাচৰ জিলা সভাপতি মোস্তাক মোহম্মদ মোকছেদুৰ হাছানে এক সংবাদমেল সম্বধোন কৰি উত্থাপন কৰে কেইবাটাও গুৰুতৰ অভিযোগ। সংবাদমেল যোগে উত্থাপন কৰা অভিযোগ আনুসৰি মানকাচৰ সমষ্টিৰ ১ নং কাকৰীপাৰা জিলা পৰিষদৰ অগপ দলৰ মনোনীত প্ৰাৰ্থী হাছিনা ইছলামে প্ৰায় ১ কোটি টকাৰ সম্পত্তিৰ হিচাপ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উল্লেখ কৰা নাই শপতনামাত।
যাকলৈ আম আদমী পাৰ্টীৰ ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈয়ে ৰাজ্যৰ নিৰ্বাচন আয়োগক ১ নং কাকৰিপাৰা জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী হাছিনা ইছলামৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰি তদন্ত ক্ৰমে মনোনয়ন বাতিলৰ অনুৰোধ জনায়।আনহাতে একেখন জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তানজিনা খানৰ বিৰুদ্ধেও আম আদমী পাৰ্টীৰ জিলা সভাপতি গৰাকীয়ে সংবাদমেলত উত্থাপন কৰিছে গুৰুতৰ অভিযোগ তুলিছে। বাল্য বিবাহ, বিবাহৰ দিন তাৰিখ, জন্মৰ দিন তাৰিখ আৰু সন্তানৰ হিচাপ মনোনয়নৰ শপতনামাত মিছা তথ্য দিছে বুলি অভিযোগ কৰে আম আদমী পাৰ্টীৰ মানকাচৰ জিলা সভাপতিগৰাকীয়ে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰিটাৰ্ণিং বিষয়াক আম আদমী পাৰ্টীৰ জিলা সভাপতিয়ে গৰাকীয়ে তদন্তক্ৰমে মনোনয়ন বাতিল কৰিবলৈ এখন লিখিত অভিযোগ দাখিল কৰি অনুৰোধ জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ