সোণৰ মূল্য সামান্য হ্ৰাস, ৰূপৰ মূল্য অপৰিৱৰ্তিত
নতুন দিল্লী, ৩১ মাৰ্চ (হি.স.)। সোমবাৰে ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্য সামান্য হ্রাস পোৱা দেখা গৈছে ৷ ইয়াৰ কাৰণে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণৰ মূল্য ৯১,১৯০ টকাৰ পৰা ৯১,৩৪০ টকা প্ৰতি ১০ গ্ৰামৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰে
সোণ–ৰূপ


নতুন দিল্লী, ৩১ মাৰ্চ (হি.স.)। সোমবাৰে ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্য সামান্য হ্রাস পোৱা দেখা গৈছে ৷ ইয়াৰ কাৰণে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণৰ মূল্য ৯১,১৯০ টকাৰ পৰা ৯১,৩৪০ টকা প্ৰতি ১০ গ্ৰামৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৩,৫৯০ টকাৰ পৰা ৮৩,৭৪০ টকাৰ ভিতৰত বিক্ৰী হৈছে। আনহাতে, ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে এই চিকচিকিয়া ধাতুটোৱে আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,০৩,৯০০ টকাৰ স্তৰত ব্যৱসায় কৰি আছে।

দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৩৪০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৩,৭৪০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,১৯০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৩,৫৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৯১,২৪০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৩,৬৪০ টকা। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,১৯০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৩,৫৯০ টকাত বিক্ৰী হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,১৯০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৩,৫৯০ টকা।

আজি লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,৩৪০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৩,৭৪০ টকাৰ স্তৰত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য ৯১,২৪০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৩,৬৪০ টকা। একেদৰে জয়পুৰতো ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৩৪০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৩,৭৪০ টকাত বিক্ৰী হৈছে। দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য সামান্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৯১,১৯০ টকা। এই তিনিখন চহৰৰ বুলিয়ন বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৩,৫৯০ টকাৰ হাৰত বিক্ৰী কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande