বাংলাদেশৰ চট্টগ্ৰামত পথ দুৰ্ঘটনা, দুখন বাছৰ সংঘৰ্ষ, ৫ গৰাকী নিহত, ১২ গৰাকী আহত
ঢাকা, ৩১ মাৰ্চ (হি.স.)। বাংলাদেশৰ চট্টগ্ৰাম মহকুমাৰ লোহাগৰাত আজি পুৱা দুখন বাছৰ মাজত মুখামুখি সংঘৰ্ষত ৫ জন লোক নিহত হোৱাৰ লগতে কমেও ১২ জন আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশ কৰা অনুসৰি দোহাজাৰী ঘাইপথ আৰক্ষী এছ আ
চট্টগ্ৰাম কক্স বজাৰ ঘাইপথৰ জাংলাই মাজাৰ গেট এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা।


ঢাকা, ৩১ মাৰ্চ (হি.স.)। বাংলাদেশৰ চট্টগ্ৰাম মহকুমাৰ লোহাগৰাত আজি পুৱা দুখন বাছৰ মাজত মুখামুখি সংঘৰ্ষত ৫ জন লোক নিহত হোৱাৰ লগতে কমেও ১২ জন আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশ কৰা অনুসৰি দোহাজাৰী ঘাইপথ আৰক্ষী এছ আই মনজুৰ হোছেইনে জনোৱা মতে, পুৱা প্ৰায় ৭:৩০ বজাত চট্টগ্ৰাম-কক্স বজাৰ ঘাইপথৰ জংলাই মাজাৰ গেট এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত আৰাফাত (২১), ৰিফাত (১৮), নিজাম (২৮), ছিদ্দিকী (১৪) আৰু নাজিম (৩০)। লোহাগৰা অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া ৰাখাল চন্দ্ৰ ৰুদ্ৰাই জনোৱা মতে, চট্টগ্ৰামৰ পৰা কক্স বজাৰলৈ যোৱা ছৌদি ট্ৰেন্সপ’ৰ্ট বাছখনে বিপৰীত দিশৰ পৰা অহা এখন মিনিবাছৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। কক্স বজাৰৰ উখিয়া উপাজিলাৰ পৰা চিটাগঙৰ সাটকনিয়ালৈ গৈ আছিল মিনিবাছখন।

ৰুদ্ৰাৰ মতে, থিতাতে ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০-১২ জন লোক আহত হয়। আহতসকলক বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এছ আই মনজুৰে জনোৱা মতে, দুয়োখন বাছ জব্দ কৰা হৈছে।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande