কামৰূপ (ম) জিলাত ক্ৰীড়া ক্লাবক খেলৰ সামগ্ৰী প্ৰদান
গুৱাহাটী, ২৯ মাৰ্চ (হি.স.)। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় আৰু মহানগৰ জিলা প্ৰশাসনৰ সহযোগত আজি ডিমৰীয়া বিধানসভা সমষ্টিৰ ক্ৰীড়া ক্লাবক খেল তথা জিমৰ সামগ্ৰী প্ৰদান কৰা হয় । দিছপুৰ বিধানসভা সমষ্টিৰ
কামৰূপ (ম) জিলাত ক্ৰীড়া ক্লাবক খেলৰ সামগ্ৰী প্ৰদান


গুৱাহাটী, ২৯ মাৰ্চ (হি.স.)। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় আৰু মহানগৰ জিলা প্ৰশাসনৰ সহযোগত আজি ডিমৰীয়া বিধানসভা সমষ্টিৰ ক্ৰীড়া ক্লাবক খেল তথা জিমৰ সামগ্ৰী প্ৰদান কৰা হয় ।

দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা আৰু কামৰূপ মহানগৰ জিলাৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া পুস্পেন্দু দাসে ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাটাকুচি প্ৰগতিশীল যুৱক সংঘক ক্ৰীড়া খেলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক অতুল বৰাই যুৱক-যুৱতীসকলক খেলৰ সামগ্ৰীসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । আজিৰ অনুষ্ঠানত ক্লাবৰ সভাপতি, সম্পাদকৰ লগতে সদস্য তথা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আজিৰ অনুষ্ঠানত ৱাৰ্ড কাউন্সিলকে প্ৰমুখ্য কৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্হিত থাকে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande