গুৱাহাটী, ২৯ মাৰ্চ (হি.স.)। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে একবিংশ শতিকা ডিজিটেল বিপ্লৱৰ যুগ, যিয়ে নৱযুগৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসংখ্য সুযোগ দাঙি ধৰে। ভট্টাদেৱ বিশ্ববিদ্যালয় নতুন বিশ্ববিদ্যালয় হোৱাৰ বাবে নিজৰ ছাত্ৰ-ছাত্ৰী সকলক ডিজিটেল প্ৰযুক্তিৰ জ্ঞানেৰে সবল কৰি জীৱনত তেওঁলোকৰ সপোন পূৰণৰ ক্ষেত্ৰত আগভাগ লোৱা উচিত।
আজি বজালীত অনুষ্ঠিত ভট্টাদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলক সম্বোধন কৰি ৰাজ্যপাল আচাৰ্যই কয় যে কৃত্ৰিম বুদ্ধিমত্তাই সমগ্ৰ বিশ্বক স্বাস্থ্যসেৱাৰ পৰা পৰিবহণলৈ, মনোৰঞ্জনৰ পৰা শিক্ষালৈ ৰূপান্তৰিত কৰিছে, এআইয়ে উদ্যোগ সমূহত বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু মানৱ সম্ভাৱনা বৃদ্ধি কৰিছে। তেওঁ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক সদস্য সকলক এআই ভিত্তিক পাঠ্যক্ৰমৰ প্ৰৱৰ্তনৰ আহ্বান জনায় যাতে ছাত্ৰ-ছাত্ৰী সকলে এআই বিজ্ঞান আয়ত্ত কৰাত সহায়ক হব পাৰে।
অসমীয়া গদ্যৰ পিতৃ ভট্টদেৱ নামেৰে সুপৰিচিত বৈকুণ্ঠনাথ ভট্টাচাৰ্যক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে ভট্টদেৱৰ অৱদানৰ প্ৰতি সত্যতাৰে বিশ্ববিদ্যালয় খনে একবিংশ শতিকাৰ সৈতে প্ৰাসংগিক শিক্ষা আৰু জ্ঞানৰ ক্ষেত্ৰত নতুন শীখৰত উপনীত হ’বলৈ চেষ্টা কৰিব লাগে। তদুপৰি আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ওপৰত পাঠদান প্ৰদান কৰাৰ সমান্তৰালকৈ বিশ্ববিদ্যালয়ে অসমীয়া আৰু সংস্কৃত সাহিত্যৰ পাঠদানতো নিজৰ স্থান দখল কৰিব লাগে।
তদুপৰি ৰাজ্যপাল গৰাকীয়ে কয় যে সমগ্ৰ ৰাজ্যতে শিক্ষাৰ ক্ষেত্ৰত ‘বজালী’ৰ এক সুকীয়া পৰিচয় আছে। শিক্ষাৰ সমান্তৰালকৈ ভাষা, সাহিত্য, শিল্প আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো ই উল্লেখযোগ্য ভূমিকা পালন কৰিছে। সেয়েহে তেওঁ ছাত্ৰ-ছাত্ৰী সকলক বিশ্ববিদ্যালয় খন আৰু ই অৱস্থিত স্থানৰ প্ৰতি ঋণী হৈ থাকিবলৈ কয়।
ৰাজ্যপাল আচাৰ্যই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধীনত ভাৰতে উচ্চ শিক্ষাৰ সুলভতা, সৰ্বাংগীনতা আৰু গুণগত মান নিশ্চিত কৰাৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে। ডিজিটেল উদ্ভাৱনৰ দৰে লক্ষ্য নিৰ্ধাৰণ কৰা হস্তক্ষেপৰ জৰিয়তে শৈক্ষিক বৈষম্য দূৰ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মক সবলীকৰণৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্নাতকসকলক এই শৈক্ষিক পৰিৱৰ্তনৰ অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰি ৰাজ্যপালে তেওঁলোকক নিজৰ বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা জ্ঞানক ৰাজ্যখনৰ লগতে দেশতো গুণগত পৰিৱৰ্তন আনিবলৈ ব্যৱহাৰ কৰিবলৈ কয়।
ৰাজ্যপাল গৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) হৈছে ভাৰতৰ চহকী জ্ঞান পৰম্পৰাৰ ওপৰত ভিত্তি কৰি উচ্চমানৰ শিক্ষা প্ৰদান কৰা এক শক্তিশালী শিক্ষা ব্যৱস্থা, ভাৰতক বিশ্ব মহাশক্তি হিচাপে স্থান দিছে। আচাৰ্যই স্নাতকসকলক বিশ্ববিদ্যালয়ত লাভ কৰা জ্ঞান, দক্ষতা আৰু অভিজ্ঞতাৰ সৰ্বোত্তম ব্যৱহাৰ কৰি বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ কয়।
সমাবৰ্তন উপলক্ষে ৰাজ্যপাল গৰাকীয়ে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক সদস্য আৰু পৰিচালনা সমিতিক গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন সন্মানীয় প্ৰতিষ্ঠানৰ সৈতে একাধিক বুজাবুজি স্মাৰক পত্ৰ স্বাক্ষৰ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ৰাজ্যৰ শিক্ষাৰ গুণগত উত্থানৰ বাবে ‘গুণোৎসৱ’ৰ প্ৰৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাক ৰাজ্যপালগৰাকীয়ে প্ৰশংসা কৰে।
মন কৰিবলগীয়া যে সমাৱৰ্তনত দুজন পি এইচ ডি, ৪৯৬ গৰাকী স্নাতকোত্তৰ, ১৪২২ গৰাকী স্নাতক ছাত্ৰকে ধৰি মুঠ ১৯২০ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰে ৬৬ গৰাকী বঁটাপ্ৰাপকক স্বৰ্ণ পদকেৰে সন্মানিত কৰা হৈছে। ইয়াৰ উপৰিও বৃহত্তৰ বজালী অঞ্চলৰ প্ৰখ্যাত নাট্য, শিল্প আৰু সাংস্কৃতিক আইকন কৃষ্ণ ৰায়ক পি.এইচ.ডি. ডিগ্ৰী, প্ৰদান কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ