গোলাঘাট, ২৯ মাৰ্চ (হি.স.)। অসম চৰকাৰৰ উপাসনা স্থলী (অসম দৰ্শন) আঁচনিৰ ২০২৪-২৫ বৰ্ষৰ অধীনত শনিবাৰে বোকাখাত সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰে ৷ বোকাখাত সমষ্টি বিধায়কৰ কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত বোকাখাত সমষ্টিৰ পঞ্চায়ত এলেকাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ১৯৫ টা উপাসনা স্থলী নামঘৰ, থান, মঠ-মন্দিৰ, গীৰ্জাঘৰ, মছজিদক এককালীন ১ লাখ ৫০ হাজাৰ টকাৰ চেক বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে ৷
অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ হৈ সভাপতি-সম্পাদক আৰু প্ৰতিনিধিয়ে মন্ত্ৰী গৰাকীৰ পৰা ১ লাখ ৫০ হাজাৰ টকাৰ চেক গ্ৰহণ কৰে ৷ চেক প্ৰদান অনুষ্ঠানত দুগৰাকী দণ্ডাধীশৰ লগতে অগপ-বিজেপি আৰু গণ শক্তিৰ কেইবা গৰাকীও নেতা উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা