নতুন দিল্লী, ২৮ মাৰ্চ (হি.স.)। কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ড চমুকৈ চিবিআইচিয়ে শুকুৰবাৰে জনোৱা মতে, কেন্দ্ৰীয় জি এছ টিৰ আঞ্চলিক কাৰ্যালয়সমূহো ২৯, ৩০ আৰু ৩১ মাৰ্চত খোলা থাকিব। চলিত বিত্তীয় বৰ্ষৰ অন্ত পৰিব ৩১ মাৰ্চত।
চিবিআইচিয়ে মুখ্য আয়ুক্তসকলক দিয়া নিৰ্দেশনাত কোৱা হৈছে যে ২৯, ৩০ আৰু ৩১ মাৰ্চত চিজিএছটিৰ সকলো আঞ্চলিক কাৰ্যালয় খোলা থাকিব আৰু এইবোৰক কৰ্মদিন হিচাপে গণ্য কৰা হ’ব।
উল্লেখযোগ্য যে ৩১ মাৰ্চ চলিত বিত্তীয় বৰ্ষৰ অন্তিম দিন। গতিকে এই বিত্তীয় বৰ্ষৰ লগত জড়িত সকলো চৰকাৰী ধন পৰিশোধ আৰু নিষ্পত্তি সেই দিনটোৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ উপৰিও ২০২৩-২৪ চনৰ মূল্যায়ন বৰ্ষৰ আপডেট কৰা আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ। সেইবাবেই সোমবাৰে পৰিব পৰা সপ্তাহৰ শেষৰ দিন আৰু ঈদ-উল-ফিতৰৰ মাজতো সমগ্ৰ দেশতে আয়কৰ আৰু চিজিএছটিৰ কাৰ্যালয় খোলা থাকিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া