বাক্সা, ২৪ মাৰ্চ (হি.স.)। বাক্সা জিলাৰ শালবাৰী মহকুমা সদৰস্থিত আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান শালবাৰী মহাবিদ্যালয়ত আজিৰে পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থ মেলা । গ্ৰন্থ মেলাত টেকনো এড্ পাব্লিকেচন পাঠশালা আৰু নিলিমা প্ৰকাশন বৰমা দুখনকৈ গ্ৰন্থৰ বিপনিয়ে অংশগ্রহণ কৰিছে। গ্ৰন্থ মেলা ৰঙা ফিটা কাটি মুকলি কৰে শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ বিনোদন মুছাহাৰীয়ে।
গ্ৰন্থ মেলা মুকলি কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিনোদ মুুছাহাৰীয়ে কয় -শালবাৰী মহাবিদ্যালয়ত গ্ৰন্থ মেলা এক ব্যতিক্ৰমী পদক্ষেপ। শালবাৰী মহাবিদ্যালয়ে গ্ৰহণ কৰা এই পদক্ষেপ শলাগ ল'বলগীয়া।এই গ্ৰন্থ মেলাৰ জৰিয়তে মহাবিদ্যালয়খনৰ ছাত্ৰ -ছাত্রী সকলৰ মাজত এটা পঢ়াৰ পৰিৱেশ বাঢ়িব।লগতে ছাত্ৰ -ছাত্রী সকলক অনুপ্ৰেৰণা যোগাব গ্ৰন্থ মেলাই। আনহাতে শালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ জগৎ চন্দ্ৰ বসুমতাৰীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় -আমাৰ মহাবিদ্যালয়ৰ লগতে শালবাৰী অঞ্চলৰ ছাত্ৰ-ছাত্রী সকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস কেনেদৰে বঢ়াব পৰা যায় সেই উদ্দেশ্য আগত ৰাখিয়েই আমি এই গ্ৰন্থ মেলা অনুষ্ঠিত কৰিছোঁ।লগতে শালবাৰী অঞ্চলৰ শৈক্ষিক পৰিৱেশ সুন্দৰ কৰাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আজিৰ গ্ৰন্থ মেলা মুকলি অনুষ্ঠানত শালবাৰী মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে অঞ্চলটোৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা