
গুৱাহাটী, ২২ জুন (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে কয় যে অসমৰ ইতিবাচক ৰূপান্তৰ কাহিনী এতিয়া বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে ৷ জাপান আৰু অষ্ট্ৰেলিয়াৰ পিছতে ইউৰোপীয় সংঘইও অসমৰ বাবে ট্ৰেভেল এডভাইজাৰী উঠাই লৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে এয়া কেৱল কূটনৈতিক সিদ্ধান্ত নহয়, অসমত প্ৰতিষ্ঠিত শান্তি, উন্নয়ন আৰু সুস্থিৰ পৰিৱেশৰ প্ৰতি আন্তৰ্জাতিক সমাজৰ ক্ৰমবৰ্ধমান আস্থাৰ স্পষ্ট ইংগিত। তেওঁ কয় যে ৰাজ্যখনত কৰা সুনিৰ্দিষ্ট আৰু পৰিৱৰ্তনশীল প্ৰচেষ্টাৰ বাবে বিশ্বৰ অংশীদাৰসকলে এতিয়া অসমক এক নতুন দৃষ্টিভংগীৰে চাবলৈ ধৰিছে।
ড০ শৰ্মাই আশা প্ৰকাশ কৰে যে এই সিদ্ধান্তই আন্তঃৰাষ্ট্ৰীয় পৰ্যটনক উন্নীত কৰিব আৰু স্থানীয় উদ্যোগ, হোমষ্টে, সাংস্কৃতিক বিনিময়, আৰু বিনিয়োগৰ ক্ষেত্ৰত নতুন সুযোগ মুকলি কৰিব। তেওঁ কয় যে অসম এতিয়া বিশ্বব্যাপী সুযোগ আৰু অংশীদাৰিত্বৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে।
মুখ্যমন্ত্রী শৰ্মাই কয় যে এটা সময়ত আন্তর্জাতিক সমাজে নিজৰ নাগৰিকসকলক অসমলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছিল যদিও আজি ৰাজ্যখনত ঘটি থকা ব্যাপক পৰিবৰ্তনৰ বাবে বহু দেশ তথা বিশ্বব্যাপী অংশীদাৰে এনে পৰামৰ্শ প্ৰত্যাহাৰ কৰি অসমৰ সম্ভাৱনাক স্বীকাৰ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া