

গুৱাহাটী, ২২ জুন (হি.স.)। অসমৰ প্ৰখ্যাত সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিতৰ্কিত গোচৰৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তই জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। গৌহাটী উচ্চ ন্যায়ালয়ৰ পৰা কোনো সকাহ নোপোৱাত তেওঁ উচ্চতম ন্যায়ালয়ত এই আৱেদন দাখিল কৰে।
খবৰ অনুসৰি মহন্তৰ জামিন আবেদনৰ শুনানি মঙলবাৰে উচ্চতম ন্যায়ালয়ত হোৱাৰ সম্ভাৱনা আছে। শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে গোচৰটো।
ইয়াৰ পূৰ্বে বিশেষ ফাষ্ট ট্ৰেক আদালতে একেটা গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিন আবেদন নাকচ কৰি বিচাৰ সম্পূৰ্ণ নোহোৱালৈকে ন্যায়িক জিম্মাত থাকিবলৈ নিৰ্দেশ দিছিল।
ইয়াৰ পূৰ্বেও শ্যামকানু মহন্তই গৌহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰিছিল। ন্যায়াধীশ মিতালী ঠাকুৰিয়াৰ আদালতত শুনানিৰ সময়ত প্ৰতিৰক্ষাই জামিনৰ বাবে যুক্তি আগবঢ়ায়, আনহাতে এডভোকেট জেনেৰেল দেৱজিৎ লন শইকীয়াই ইয়াৰ বিৰোধিতা কৰি আবেদন খাৰিজ কৰিবলৈ অনুৰোধ জনায়।
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত প্ৰখ্যাত সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত এই গোচৰটোৱে সমগ্ৰ অসমতে ব্যাপক ৰাজহুৱা চৰ্চা আৰু আইনী বিতৰ্কৰ সূচনা কৰিছে। সকলোৰে দৃষ্টি গোচৰৰ পৰৱৰ্তী শুনানি আৰু ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত নিৱদ্ধ হৈ আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া