মানকাচৰ, ২৩ মাৰ্চ (হি.স.): মানকাচৰৰ শটিমাৰীৰ দ্বিতীয় খণ্ডত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীৰ অভিযানত জব্দ ২ কোটি টকাৰ ইয়াবা টেবলেট । যোৱাকালি শনিবাৰে নিশা মানকাচৰৰ শটিমাৰীৰ দ্বিতীয় খণ্ড গাঁওৰ ভাৰত বাংলাদেশ সীমান্তৰ শাকাউত হুছেইন আৰু ছানোৱাৰ হুছেইনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে ৮ হেজাৰ ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে জব্দ কৰা ইয়াবা টেবলেটৰ বজাৰ মূল্য ২ কোটি টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ