ধুবুৰী, ২২ মাৰ্চ (হি.স.): ধুবুৰীৰ গোলকগঞ্জ আৰক্ষীয়ে বিৰাট নগৰ চাৰিআলিৰ টোকেৰেছাৰা গাঁৱৰ বাবলু ৰায়ৰ ঘৰৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা।
জানিব পৰা মতে গোলকগঞ্জ আৰক্ষীৰয়ে এক গোপন সূত্ৰৰ আধাৰত বাবলু ৰায়ৰ ঘৰত চলায় অভিযান । অভিযানত জব্দ কৰে প্ৰায় ২ কেজি ওজনৰ গাঞ্জা। জানিব পৰা মতে এই ঘৰখনত দীৰ্ঘদিনৰে পৰা চলাই গৈছিল অবৈধ গাঞ্জাৰ ৰমৰমীয়া বেহা । কিছুমান দুষ্টচক্ৰই আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছিল অবৈধ গাঞ্জাৰ ৰমৰমীয়া বেহা ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ