
বৰপেটা, ১৬ ছেপ্টেম্বৰ (হি.স.): বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ভাংকোভাংগা গাঁৱত যোৱা কালি মঙলবাৰে নিশা আৰক্ষীয়ে চলায় এক ড্ৰাগছ বিৰোধী অভিযান । অভিযানত সন্দেহযুক্ত নিষিদ্ধ হেৰ’ইনসহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে।
আটকাধীন যুৱকজন ভাংকোভাংগা গাঁৱৰ আবুবক্কাৰ ছিদ্দিকৰ পুত্ৰ হাফিজুৰ ৰহমান বুলি জানিব পৰা গৈছে । আৰক্ষীৰ মতে, হাফিজুৰ ৰহমানৰ পৰা মুঠ ১০.৮৭ গ্ৰাম সন্দেহযুক্ত হিৰ’ইন জব্দ কৰা হয় । ইয়াৰ পিছতে জব্দকৃত সামগ্ৰীসহ আটকাধীন যুৱকজনক কলগাছিয়া আৰক্ষী থানালৈ লৈ অহা হয় । পৰৱৰ্তী সময়ত আজি আটকাধীন হাফিজুৰ ৰহমানক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ