
যোৰহাট, ১৬ ছেপ্টেম্বৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিত এটিএম কাৰ্ড সলনি কৰি প্ৰৱঞ্চনাৰে ধন লুট কৰাৰ অভিযোগ উত্থাপিত হৈছে । ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মৰিয়নি শাখাৰ এটিএমত এজন গ্রাহকে ধন উলিয়াই থকাৰ সময়তে এগৰাকী অচিনাক্ত মহিলাই কৌশলেৰে এটিএম কাৰ্ড সলাই নিয়ে । পৰৱৰ্তী সময়ত সেই কাৰ্ড ব্যৱহাৰ কৰি মৰিয়নি-নকছাৰীস্থিত এটিএমত মৰিয়নিৰ চিগনেল কলনিৰ প্ৰদীপ বৰুৱা নামৰ গ্ৰাহকজনৰ একাউণ্টৰ পৰা ৩৭ হাজাৰ টকা উলিয়াই নিয়াৰ অভিযোগ উঠিছে ।
ঘটনা সন্দৰ্ভত বেংক কৰ্তৃপক্ষক অৱগত কৰাত কাৰ্ডখন ব্লক কৰাৰ লগতে মৰিয়নি থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে । বেংকৰ চিচিটিভি কেমেৰাত সমগ্ৰ ঘটনা বন্দী হোৱাৰ পিছতো প্ৰবঞ্চক মহিলাগৰাকীৰ আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ