বিশ্ব ইনড’ৰ চেম্পিয়নশ্বিপ: হালিমা নাকায়ী উগাণ্ডাক প্ৰতিনিধিত্ব কৰা একমাত্ৰ খেলুৱৈ
কাম্পালা, ১৩ মাৰ্চ (হি.স.)। মহিলা খেলুৱৈ হালিমা নকায়ীয়ে ২১ৰ পৰা ২৩ মাৰ্চলৈ চীনৰ নানজিংত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ইনডৰ এথলেটিকছ চেম্পিয়নশ্বিপত উগাণ্ডাৰ একমাত্ৰ প্ৰতিনিধি হ’ব । বুধবাৰে উগাণ্ডা এথলেটিকছ ফেডাৰেচনৰ সভাপতি ডমিনিক অটুচেটে জিনহুয়াক নিশ্চ
উগাণ্ডাৰ খেলুৱৈ হালিমা নাকায়ী


কাম্পালা, ১৩ মাৰ্চ (হি.স.)। মহিলা খেলুৱৈ হালিমা নকায়ীয়ে ২১ৰ পৰা ২৩ মাৰ্চলৈ চীনৰ নানজিংত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ইনডৰ এথলেটিকছ চেম্পিয়নশ্বিপত উগাণ্ডাৰ একমাত্ৰ প্ৰতিনিধি হ’ব ।

বুধবাৰে উগাণ্ডা এথলেটিকছ ফেডাৰেচনৰ সভাপতি ডমিনিক অটুচেটে জিনহুয়াক নিশ্চিত কৰে যে ৮০০ মিটাৰ দৌৰত কেৱল নকায়ীয়েহে যোগ্যতা অৰ্জন কৰিছে।

অটুচেটে কয়, ‘আমি আশা কৰিছিলো যে আমাৰ বহু খেলুৱৈয়ে চীনত চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিব, কিন্তু ঠাণ্ডা বতৰৰ বাবে ইউৰোপত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত একাংশ খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল।

৩০ বছৰীয়া হালিমা নকায়ী কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ স্নাতক আৰু ৮০০ মিটাৰ মহিলা শাখাতো উগাণ্ডাৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। ২০১৯ চনত কাটাৰৰ দোহাত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপতো একেখন ইভেণ্টতে স্বৰ্ণ পদক লাভ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande