- ফাইনেলত দিল্লী কেপিটেলছৰ সৈতে মুখামুখি
মুম্বাই, ১৪ মাৰ্চ (হি.স.)। মহিলা প্ৰিমিয়াৰ লীগ ২০২৫ৰ এলিমিনেটৰ মেচত মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়েন্টছক ৪৭ ৰানত পৰাস্ত কৰে। এই জয়েৰে মুম্বাই দলটোৱে তৃতীয় ছিজনৰ ফাইনেলত স্থান দখল কৰে। চূড়ান্ত খেলখনত মুম্বাই ইণ্ডিয়ানছ দলে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব।
মুম্বাইৰ ব্ৰাবৰ্ণ ষ্টেডিয়ামত খেলা এই খেলখনত গুজৰাট জায়েন্টছে টছত জয়লাভ কৰি প্ৰথমে মুম্বাইক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। তাৰ পাছত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই মুঠ ২১৩ ৰান সংগ্ৰহ কৰে। ২৬ ৰানত দলীয় স্ক’ৰেৰে যস্তিকা ভাটিয়া (১৫) আউট হোৱাৰ পাছত মুম্বাইৰ হৈ দ্বিতীয় উইকেটৰ বাবে ১৩৩ ৰানৰ বৃহৎ অংশীদাৰিত্ব গঢ়ি তুলিছিল হেলী মেথিউছ (৭৭) আৰু নেট চেৱাৰ্ড ব্ৰুণ্টে (৭৭) । ইয়াৰ পাছত হৰমনপ্ৰীত কৌৰে ২টা চাৰি আৰু ৪ ছয়ৰ সহায়ত ১২টা বলত ৩৬ ৰানৰ ধুমুহাময় ইনিংছ খেলিছিল, যাৰ ফলত মুম্বাইয়ে গুজৰাটৰ জয়ৰ বাবে ২১৪ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰিছিল।
ইফালে গুজৰাট জায়েন্টছৰ হৈ ডেনিয়েল গিবছনে দুটা উইকেট দখল কৰে। আনহাতে কাশৱী গৌতমে এটা সফলতা লাভ কৰে।
আনহাতে ২১৪ ৰানৰ বিশাল লক্ষ্য খেদি যোৱাৰ সময়ত গুজৰাট জায়েন্টছৰ আৰম্ভণি ভাল নাছিল। মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি প্ৰথম অভাৰত আউট হৈছিল অ’পেনাৰ বেথ মুনী। তাৰ পাছত ডেনিয়েল গিবছনে অলপ বেছি চেষ্টা কৰি ৩৪ ৰান সংগ্ৰহ কৰে। অৱশ্যে হাৰ্লিন ডিঅ’ল (৮ ৰান) আৰু অধিনায়ক এছলি গাৰ্ডনাৰে (৮ ৰান) তেওঁক বেছি সময় সমৰ্থন কৰিব নোৱাৰিলে। শেষত ফিবি লিচফিল্ডে ৩১ ৰান আৰু ভাৰতী ফুলমালিয়ে ৩০ ৰান সংগ্ৰহ কৰি লক্ষ্যৰ ওচৰ চাপিবলৈ চেষ্টা কৰে যদিও সেয়া যথেষ্ট নহ’ল। সমগ্ৰ গুজৰাটৰ দলটোৱে ১৯.২ অভাৰত ১৬৬ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল।
মুম্বাই ইণ্ডিয়ানছৰ পৰা উৎকৃষ্ট বলিং দেখা গ’ল। অলৰাউণ্ডাৰ হেলি মেথিউছে সৰ্বাধিক ৩টা উইকেট দখল কৰে। ইয়াৰ উপৰিও আমেলিয়া কেৰে ২টা আৰু শ্ববনাম ইছমাইল আৰু নাট চেৱাৰ্ড ব্ৰুণ্টে ১টাকৈ উইকেট লাভ কৰে।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া