নতুন দিল্লী, ১৩ মাৰ্চ (হি.স.)। বিশেষ অলিম্পিক বিশ্ব শীতকালীন গেমছ ২০২৫ত ভাৰতীয় খেলুৱৈসকলে নিজৰ তাৰকাময় প্ৰদৰ্শন অব্যাহত ৰাখি দ্বিতীয় দিনাও সফলতাৰ পতাকা উৰুৱাইছে। বুধবাৰে ২টা স্বৰ্ণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত ভাৰতৰ মুঠ পদকৰ সংখ্যা এতিয়া ৯ টা হ’লগৈ।
প্ৰথম দিনাই ভাৰতৰ হৈ চাৰিটা পদক লাভ কৰা স্নোবৰ্ডিঙে দ্বিতীয় দিনাও পদকৰ সংখ্যা বৃদ্ধি কৰে। নবীন স্লেলম ফাইনেলত ভাৰতীয়ে (ডিভিজন এফ২৫) স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে হৰ্ষিতা ঠাকুৰে (ডিভিজন এফ২৬) একেটা ইভেণ্টতে ব্ৰঞ্জৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাত ভাৰতীৰ এয়া দ্বিতীয়টো স্বৰ্ণ পদক হোৱাৰ বিপৰীতে হৰ্ষিতাই প্ৰথম দিনাই ৰূপৰ পদক লাভ কৰিছিল।
ভাৰতীয় দলটোৱে আলপাইন স্কিইঙতো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল, য’ত ভাৰতে এটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক লাভ কৰিছিল। ইণ্টাৰমিডিয়েট জায়েন্ট স্লেলম ফাইনেলত নৰ্মালা দেৱীয়ে (ডিভিজন এফ০৬) স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ৰাধা দেৱীয়ে (ডিভিজন এফ০১) একেটা ইভেণ্টতে ৰূপৰ পদক লাভ কৰে। ইয়াৰ উপৰিও অভিষেক কুমাৰে (ডিভিজন এম০২) নভিচ জায়েন্ট স্লেলম ফাইনেলত ৰূপৰ পদক লাভ কৰি ভাৰতৰ পদকৰ সংখ্যা আৰু অধিক বৃদ্ধি কৰে।
ভাৰতীয় স্নোবৰ্ডিং দলৰ মুখ্য প্ৰশিক্ষক অনুপ কুমাৰ শৰ্মাই খেলুৱৈসকলক প্ৰশংসা কৰি কয়, ‘আমাৰ খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ আমি অত্যন্ত গৌৰৱান্বিত। ইতিমধ্যে আমি ৯টা পদক লাভ কৰিছো, ইয়াৰে ৬টা স্নোবৰ্ডিঙত আহিছিল। আমাৰ খেলুৱৈসকলে কঠোৰ পৰিশ্ৰম কৰি আছে আৰু এই পদক গণনাক ঐতিহাসিক উচ্চতালৈ লৈ যাবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”
ইটালীৰ টুৰিনত অনুষ্ঠিত হোৱা বিশেষ অলিম্পিক বিশ্ব শীতকালীন গেমছ ২০২৫ত ১০২খন দেশৰ ১৫০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাত মুঠ ৮টা খেলৰ আয়োজন কৰা হৈছে, য’ত ভাৰতীয় দলটোৱে ৬ বিধ ক্ৰীড়া– স্নোবৰ্ডিং, স্নোশ্বুইং, আলপাইন স্কিইং, স্পীড স্কেটিং, ফ্ল’ৰবল আৰু ক্ৰছ কান্টি স্কিইং খেলত নিজৰ প্ৰত্যাহ্বান আগবঢ়াইছে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া