সোণ ব্যয়বহুল, ৰূপৰ দৰ আকৌ এবাৰ ১ লাখ অতিক্ৰম
নতুন দিল্লী, ১৩ মাৰ্চ (হি.স.)। আজি হোলিকা দাহনৰ দিনা ঘৰুৱা অলংকাৰ বজাৰত উত্থানৰ ধাৰা দেখা গৈছে। আজি সোণৰ দাম ১০ গ্ৰামত ৪৭০ টকাৰ পৰা ৫১০ টকাকৈ ব্যয়বহুল হৈ পৰিছে। একেদৰে আজি ৰূপৰ মূল্যও ২২০০ টকাকৈ শক্তিশালী হৈছে। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অ
সোণ–ৰূপ


নতুন দিল্লী, ১৩ মাৰ্চ (হি.স.)। আজি হোলিকা দাহনৰ দিনা ঘৰুৱা অলংকাৰ বজাৰত উত্থানৰ ধাৰা দেখা গৈছে। আজি সোণৰ দাম ১০ গ্ৰামত ৪৭০ টকাৰ পৰা ৫১০ টকাকৈ ব্যয়বহুল হৈ পৰিছে। একেদৰে আজি ৰূপৰ মূল্যও ২২০০ টকাকৈ শক্তিশালী হৈছে। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৯৯০ টকাৰ পৰা ৮৮,১৪০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮০,৬৬০ টকাৰ পৰা ৮০,৮১০ টকাৰ ভিতৰত বিক্ৰী হৈছে। মূল্যবৃদ্ধিৰ বাবে আজি দিল্লী অলংকাৰ বজাৰতো ৰূপৰ দৰ এক লাখৰ স্তৰ অতিক্ৰম কৰি প্ৰতি কিলোগ্ৰামত ১,০০,১০০ টকাৰ স্তৰত ব্যৱসায় কৰি আছে।

দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৮,১৪০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮০,৮১০ টকা হয়গৈ। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৯৯০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮০,৬৬০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৮৮,০৪০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮০,৭১০ টকা ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৯৯০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮০,৬৬০ টকাত বিক্ৰী হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৯৯০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮০,৬৬০ টকা।

আজি লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৮,১৪০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮০,৮১০ টকাৰ স্তৰত বিক্ৰী হৈছে। আনহাতে পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৮,০৪০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮০,৭১০ টকা। একেদৰে জয়পুৰতো ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৮,১৪০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮০,৮১০ টকাত বিক্ৰী কৰা হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ দাম ব্যয়বহুল হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৮৭,৯৯০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮০,৬৬০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande