আই পি এল ২০২৫: লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিপৰ্যয়, প্ৰথমাৰ্ধত খেলিব নোৱাৰিব মায়ংক যাদৱ
নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বেগী বলাৰ মায়ংক যাদৱক আই পি এল ২০২৫ৰ প্ৰথম পৰ্যায়ৰ পৰা বাদ দিয়া হৈছে। ই এছ পি এন ক্ৰিচিনফ’ৰ মতে, বৰ্তমান মায়াংকে লাম্বাৰ ষ্ট্ৰেছৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে আৰু বেংগালুৰুৰ বি চি চি আই চেণ্টাৰ
मयंक यादव


নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বেগী বলাৰ মায়ংক যাদৱক আই পি এল ২০২৫ৰ প্ৰথম পৰ্যায়ৰ পৰা বাদ দিয়া হৈছে।

ই এছ পি এন ক্ৰিচিনফ’ৰ মতে, বৰ্তমান মায়াংকে লাম্বাৰ ষ্ট্ৰেছৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে আৰু বেংগালুৰুৰ বি চি চি আই চেণ্টাৰ অৱ এক্সেলেন্সত পুনৰ বলিং অনুশীলন আৰম্ভ কৰিছে। যোৱা বছৰৰ অক্টোবৰ মাহত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পিছত আঘাতপ্ৰাপ্ত হৈ তাৰ পিছৰে পৰা ৰিহাব চলি আছে।

তেওঁৰ উভতি অহাৰ কোনো নিৰ্দিষ্ট তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা নাই বিচিচিআইয়ে। কিন্তু যদি তেওঁ সকলো ফিটনেছ ষ্টেণ্ডাৰ্ড পূৰণ কৰে আৰু বলিঙৰ কামৰ বোজা বৃদ্ধি কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ আই পি এলৰ দ্বিতীয় পৰ্যায়ত খেলিব পাৰিব।

আই পি এল ২০২৫ৰ নিলামৰ পূৰ্বে ১১ কোটি টকাৰ বিনিময়ত মায়ংকক ধৰি ৰখা লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বাবে ময়ংকৰ অনুপস্থিতি ডাঙৰ আঘাত। ২০২৪ চনৰ আই পি এলত মাত্ৰ ২০ লাখ টকাত আনকেপড ফাষ্ট বলাৰ হিচাপে ক্ৰয় কৰা মায়ংকৰ বাবে এয়া আছিল এক বৃহৎ আৰ্থিক জাঁপ।

মায়ংকৰ দাম বেছি হোৱাৰ মূল কাৰণ হ’ল তেওঁৰ দ্ৰুত গতিত বলিং কৰাৰ ক্ষমতা। তেওঁ ধাৰাবাহিকভাৱে ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক বেগত বলিং কৰে, যাৰ ফলত তেওঁ আই পি এলৰ প্ৰথম দুখন মেচত প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে। তেওঁৰ প্ৰদৰ্শন দেখি ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে তেওঁক ভাৰতৰ বেগী বলাৰৰ বিশেষ পুলত অন্তৰ্ভুক্ত কৰে।

মায়ংকৰ আঘাতৰ ক্ষতিগ্ৰস্ত আই পি এল ২০২৪তো আছিল, য’ত তেওঁ মাত্ৰ চাৰিখন মেচ খেলিব পাৰিছিল। চাইড ষ্ট্ৰেইনৰ সমস্যাৰ বাবে তেওঁ শেষৰ দুখন মেচ খেলিব নোৱাৰিবলগীয়া হৈছিল। ৰিহাবৰ সময়ত তেওঁ আন এটা নতুন আঘাত লাভ কৰে, যাৰ ফলত তেওঁৰ উভতি অহাত পলম হয়। অৱশ্যে অৱশেষত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলিছিল যদিও তাত পুনৰ আঘাতপ্ৰাপ্ত হয় আৰু পুনৰ ৰিহাবৰ বাবে উভতি আহিবলগীয়া হয়।

বিচিচিআইয়ে মায়ংকৰ বৰ্তমানৰ আঘাতৰ সবিশেষ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই যদিও বুজা গৈছে যে তেওঁৰ পিঠিৰ তলৰ অংশত (বাওঁফাল) ষ্ট্ৰেছৰ আঘাত আছে।

ফেব্ৰুৱাৰী মাহত ভাৰতৰ প্ৰাক্তন পেচাৰ জহীৰ খানে বৰ্তমান লক্ষ্ণৌৰ টিম ডাইৰেক্টৰ হিচাপে কাম কৰি থকা বুলি কৈছিল যে ফ্ৰেঞ্চাইজিয়ে বিচিচিআইৰ মেডিকেল টিমৰ সৈতে মিলি মায়ংকৰ উভতি অহাৰ বাবে ৰ’ডমেপ প্ৰস্তুত কৰি আছে। অৱশ্যে জহিৰে এইটোও স্পষ্ট কৰি দিছিল যে মায়াংকক ১০০% ফিট নহয় ১৫০% ফিট দেখাৰ পিছতহে খেলপথাৰলৈ ঘূৰি অহাটো তেওঁ বিচাৰিব।

তেওঁ কৈছিল, আমি মায়াংকক যিমান পাৰি সোনকালে খেলা দেখিব বিচাৰো, কিন্তু আমি তেওঁক সম্পূৰ্ণ ফিট হ'লেহে খেলাম।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ প্ৰথমখন মেচ অহা ২৪ মাৰ্চত বিশাখাপট্টনমত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব। এই ছিজনত দিল্লীৰ অধিনায়কত্ব হ’ব ঋষভ পন্ত, যিজনে নিজেই বহুদিনৰ মূৰত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande