ৱেলিংটন, ১১ মাৰ্চ (হি.স.)। আগন্তুক তিনিখন খেলৰ টি-২০ শৃংখলাৰ পূর্বে নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। আঘাতৰ বাবে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাহিৰ হৈছে উইকেটকীপাৰ ইছাবেলা গেজ, বেষ্ট বলাৰ হেলি জেনচেন আৰু বেটছমেন বেলা জেমছ। তেওঁলোকৰ ঠাইত উইকেটকীপাৰ বেটছমেন পলি ইংলিছ, বাওঁহাতৰ পেচাৰ ব্ৰী ইলিং আৰু অলৰাউণ্ডাৰ ফ্ল’ৰা ডেভনশ্বাইৰক স্থান দিয়া হৈছে।
সম্প্ৰতি শ্ৰীলংকাৰ মহিলা দলটোৱে নিউজিলেণ্ড ভ্ৰমণত আছে, য’ত এদিনীয়া আৰু টি-২০ শৃংখলা খেলি আছে। ইতিমধ্যে নিউজিলেণ্ডে এদিনীয়া শৃংখলাত ২-০ গ’লত ক্লিন ছুইপ কৰিছিল। এদিনীয়া শৃংখলাত পলি ইংলিছ আৰু ব্ৰী ইলিঙে অভিষেক ঘটায়, আনহাতে ফ্ল’ৰা ডেভনশ্বাইৰে এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাব পৰা নাই। নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ তথ্য অনুসৰি ইতিমধ্যে এদিনীয়া শৃংখলাৰ পৰা হেলি জেনচেন আৰু বেলা জেমছক বাহিৰ কৰি দিয়া হৈছিল আৰু এতিয়াও ফিটনেছ পুনৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।
মুখ্য প্ৰশিক্ষক বেন ছয়িয়াৰে এক বিবৃতিত কয় যে ইছাবেলা, হেলী আৰু বেলাক হেৰুৱাই আমি সকলোৱে হৃদয় বিদাৰক। দল আৰু খেলুৱৈসকলৰ বাবে ই হতাশাজনক, কিন্তু আমি জানো যে এই তিনিওজনে শক্তিশালীভাৱে ঘূৰি আহিব।
এদিনীয়া শৃংখলাৰ আকৰ্ষণীয় আৰম্ভণিৰ বাবে বেন ছয়িয়াৰে পলি ইংলিছ আৰু ব্ৰী ইলিঙৰ প্ৰশংসা কৰে। তেওঁ কয়, তেওঁলোকে দুয়োজনে ডাঙৰ উদ্দেশ্য আৰু খেলখনৰ বিষয়ে উৎকৃষ্ট বুজাবুজি দেখুৱাইছিল। মই নিশ্চিত যে তেওঁলোকে টি-২০তো ভাল প্ৰদৰ্শন কৰিব। ফ্ল'ৰা ডেভনশ্বাইৰে ঘৰুৱা পৰ্যায়ত এগৰাকী উৎকৃষ্ট অল-ৰাউণ্ডাৰ হিচাপে প্ৰমাণিত হৈছে আৰু আমাৰ দলৰ বাবে এক উত্তম বিকল্প হ'ব পাৰে।
১৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব তিনিখন মেচৰ টি-২০ শৃংখলা। দ্বিতীয়খন মেচ ১৬ মাৰ্চত ক্ৰাইষ্টচাৰ্চত অনুষ্ঠিত হোৱাৰ বিপৰীতে তৃতীয় আৰু অন্তিমখন মেচ ১৮ মাৰ্চত ডুনেডিনত অনুষ্ঠিত হ’ব।
নিউজিলেণ্ডৰ দল : চুজি বেটছ (অধিনায়ক), ৰোজমেৰী মেয়াৰ, ইডেন কাৰ্ছন, ফ্ল’ৰা ডেভনশ্বাইৰ, মেডী গ্ৰীণ, ব্ৰুক হেলিডে, ব্ৰী ইলিং, পলি ইংলিছ (উইকেটকীপাৰ), ফ্ৰাণ জ’নাছ, জেছ কেৰ, এমা মেকলিয়ড, জৰ্জিয়া প্লাইমাৰ, ইজি শ্বাৰপ।
শ্ৰীলংকা স্কোয়াডঃ চামাৰী আতাপট্টু (অধিনায়ক), নীলাক্ষীকা ছিলভা, কবিছা দিলহাৰী, ইমেছা দুলানী, ইনোছি প্ৰিয়দৰ্শিনী, বিষ্মি গুণৰত্নে, অচিনি কুলাসূৰিয়া, সুগণ্ডিকা কুমাৰী, হৰ্ষিতা সমৰাৱিক্ৰমা, মনুদি নানায়কৰা, শচীনী নিশানশালা, উদেশিকা প্ৰবোধনী, অনুষ্কা সঞ্জীৱনী (উইকেটকীপাৰ), কাউছিকা ৰক্ষক ni নুথ্যংগনা, ৰশ্মিকা চেৱনদী, চেতনা বিমুখী।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী