অল ইংলেণ্ড বেডমিণ্টন: দ্বিতীয় ৰাউণ্ডত শ্বি ইউকি আৰু লি শ্বিফেং
লণ্ডন, ১২ মাৰ্চ (হি.স.)। অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ একক শাখাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে চীনৰ শীৰ্ষ ছিড শ্বি ইউকিয়ে। মঙলবাৰে তেওঁ ইণ্ডোনেছিয়াৰ চিকো অ’ৰা ডুই ৱাৰ্ডোয়োক ২১-১৩, ২১-৮ ব্য়ৱধানত ষ্ট্ৰেইট ছেটত পৰাস্ত কৰে। টাইৰ পূৰ্বে
चीन के शीर्ष वरीय शी युकी


লণ্ডন, ১২ মাৰ্চ (হি.স.)। অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ একক শাখাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে চীনৰ শীৰ্ষ ছিড শ্বি ইউকিয়ে। মঙলবাৰে তেওঁ ইণ্ডোনেছিয়াৰ চিকো অ’ৰা ডুই ৱাৰ্ডোয়োক ২১-১৩, ২১-৮ ব্য়ৱধানত ষ্ট্ৰেইট ছেটত পৰাস্ত কৰে।

টাইৰ পূৰ্বে ৱাৰ্ডোয়োৰ বিৰুদ্ধে ৪-০ ব্য়ৱধানৰ হেড টু হেড অভিলেখ গঢ়িছিল শ্বিয়ে (২৯) মাত্ৰ ৩৪ মিনিটতে বিশ্বৰ ৩৪ নম্বৰ ৱাৰ্ডোয়ো (২৬)ক পৰাস্ত কৰিছিল।

বৰ্তমান বিশ্বৰ ১ নং স্থানত থকা শ্বিয়ে এতিয়া প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেইৰ চৌ টিয়েন-চেনৰ বিৰুদ্ধে খেলিব। চৌৱে (বিশ্বৰ ৯ নম্বৰ) ফ্ৰান্সৰ ক্রিষ্টো প’প’ভক ২১-১০, ২১-১২ ব্য়ৱধানত পৰাস্ত কৰে৷

দুবছৰ পূৰ্বে অল ইংলেণ্ডৰ খিতাপ জয় কৰা ছিৰ দেশবাসী লি শ্বিফেঙে কানাডাৰ ব্রায়ান ইয়াঙক ২১-১১, ১৮-২১, ২১-১৬ ব্য়ৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। এতিয়া তেওঁৰ মুখামুখি হ’ব টমা জুনিয়ৰ প’প’ভৰ।

পুৰুষৰ ডাবলছত এটা ডাঙৰ বিচলিত হৈ পৰে, য’ত প্ৰথম ৰাউণ্ডত শীৰ্ষ ছিড ডেনিছ যুটি কিম আষ্ট্ৰুপ আৰু এণ্ডাৰছ স্কাৰুপ ৰাছমুচেন বাহিৰ হয়। ইণ্ডোনেছিয়াৰ যুটি মহম্মদ শ্বোইবুল ফিক্ৰী আৰু ডেনিয়েল মাৰ্টিনৰ হাতত ২২–২০, ২১–১৮ ব্য়ৱধানত পৰাস্ত হয়।

মহিলা একক শাখাৰ শীৰ্ষ দুটা ছিড দক্ষিণ কোৰিয়াৰ আন ছে-ইয়ং আৰু চীনৰ ৱাং ছিয়ীয়ে বুধবাৰৰ পৰা অভিযান আৰম্ভ কৰিব।

ইফালে, তৃতীয় ছিড জাপানৰ আকানে ইয়ামাগুচিয়ে প্ৰথম ৰাউণ্ডত ভিয়েটনামৰ নুয়েন থুই লিনক ২১-১৯, ২১-১২ ব্য়ৱধানত পৰাস্ত কৰি নিজৰ অভিযানৰ এক সুন্দৰ আৰম্ভণি কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande