নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্যৰ মূল্য বৃদ্ধিৰ ধাৰা দেখা গৈছে। আনহাতে, আজি ৰূপৰ মূল্য সামান্য হ্ৰাস পাইছে। সোণৰ মূল্য বৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৮৩০ টকাৰ পৰা ৮৭,৯৮০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮০,৫১০ টকাৰ পৰা ৮০,৬৬০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। একে সময়তে আজি ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতুৰ মূল্য দিল্লীৰ বুলিয়ন বজাৰত প্ৰতি কিলোগ্ৰামত ৯৮,৯০০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে।
দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৯৮০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮০,৬৬০ টকা। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৮৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮০,৫১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৮৮০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮০,৫৬০ টকা। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৮৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮০,৫১০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৮৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮০,৫১০ টকা।
আজি লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৯৮০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮০,৬৬০ টকাৰ স্তৰত বিক্ৰী হৈছে। একে সময়তে পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৮৮০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮০,৫৬০ টকা। একেদৰে জয়পুৰতো ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৯৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮০,৬৬০ টকাত বিক্ৰী হৈছে।
দেশৰ অন্যান্য ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য শক্তিশালী হোৱা দেখা গৈছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ৮৭,৮৩০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮০,৫১০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া