কৃষকৰ প্ৰতিবাদৰ এদিন পিছতে নাচিকৰ লাছলগাঁও বজাৰত পুনৰ পিঁয়াজৰ নিলাম আৰম্ভ
নাচিক/নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। মহাৰাষ্ট্ৰৰ নাছিকত অৱস্থিত এছিয়াৰ সৰ্ববৃহৎ পিঁয়াজৰ পাইকাৰী বজাৰত মঙলবাৰৰ পৰা পুনৰবাৰ আৰম্ভ হৈছে পিঁয়াজৰ নিলাম। এদিন পূৰ্বে কৃষকসকলে পিঁয়াজৰ মূল্য হ্ৰাসৰ প্ৰতিবাদত সাময়িকভাৱে পিঁয়াজৰ নিলাম বন্ধ কৰি দিছিল। মূল
प्या ज के लोगो का प्रतीकात्मक चित्र


নাচিক/নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। মহাৰাষ্ট্ৰৰ নাছিকত অৱস্থিত এছিয়াৰ সৰ্ববৃহৎ পিঁয়াজৰ পাইকাৰী বজাৰত মঙলবাৰৰ পৰা পুনৰবাৰ আৰম্ভ হৈছে পিঁয়াজৰ নিলাম। এদিন পূৰ্বে কৃষকসকলে পিঁয়াজৰ মূল্য হ্ৰাসৰ প্ৰতিবাদত সাময়িকভাৱে পিঁয়াজৰ নিলাম বন্ধ কৰি দিছিল। মূল্য হ্ৰাসৰ প্ৰতিবাদত কৃষকসকলে পানীৰ টেংকিত উঠিছিল।

লাছালগাঁও কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতিৰ সূত্ৰই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি সোমবাৰে প্ৰতিবাদকাৰীসকলে পিঁয়াজৰ ওপৰত আৰোপ কৰা ২০ শতাংশ ৰপ্তানি শুল্ক আঁতৰোৱাৰ দাবী জনাইছে। ৰপ্তানি শুল্কৰ বাবে দাম কমিছে বুলি দাবী কৰে। পিঁয়াজৰ দাম হ্ৰাস পোৱাৰ প্ৰতিবাদত প্ৰায় ১৫ জন কৃষকে পানীৰ টেংকিত উঠিছিল, যাৰ বাবে কিছু সময়ৰ বাবে নিলাম বন্ধ হৈ পৰিছিল।

এদিন পূৰ্বে লাছলগাঁও কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতিত নিলামৰ বাবে বজাৰলৈ অনা হৈছিল ১১,৫০০ কুইণ্টল পিঁয়াজ। গ্ৰীষ্মকালীন খেতিৰ পিয়াঁজৰ দাম প্ৰতি কুইণ্টলত নূন্যতম ১০০০ টকা, সৰ্বোচ্চ ২২০১ টকা আৰু প্ৰতি কুইণ্টলত গড়ে ১৮০০ টকা। বজাৰত ৰঙা পিঁয়াজৰ দাম প্ৰতি কুইণ্টলত নূন্যতম ৮০০ টকা, সৰ্বোচ্চ ২০০৫ টকা আৰু প্ৰতি কুইণ্টলত গড়ে ১৭০০ টকা হোৱাৰ বিপৰীতে পাঁচ দিন পূৰ্বে এই মূল্য আছিল ২২৫০-২৩০০ টকা। ইয়াৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande