কমনৱেলথ গেমছ ফেডাৰেচনৰ নাম সলনি, এতিয়া ‘কমনৱেলথ স্প’ৰ্ট’ নামেৰে হ’ব পৰিচিত
নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। কমনৱেলথ গেমছ ফেডাৰেচনে সোমবাৰে নিজৰ নাম সলনি কৰি ‘কমনৱেলথ স্প’ৰ্ট’ কৰাৰ কথা ঘোষণা কৰে। এই পৰিৱৰ্তনক সংগঠনটোক ক্ৰীড়া ফেডাৰেচনৰ পৰা ক্ৰীড়া আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা যায়। কমনৱেল
प्रतीकात्मक चित्र


নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। কমনৱেলথ গেমছ ফেডাৰেচনে সোমবাৰে নিজৰ নাম সলনি কৰি ‘কমনৱেলথ স্প’ৰ্ট’ কৰাৰ কথা ঘোষণা কৰে। এই পৰিৱৰ্তনক সংগঠনটোক ক্ৰীড়া ফেডাৰেচনৰ পৰা ক্ৰীড়া আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা যায়।

কমনৱেলথ দিৱস (১০ মাৰ্চ) উপলক্ষে এই ঘোষণা কৰা হয়। ফেডাৰেচনে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে যে, ২০২৫ চনৰ কমনৱেলথ ডে'ৰ পৰা কমনৱেলথ গেমছ ফেডাৰেচনক 'কমনৱেলথ স্প'ৰ্ট' বুলি জনা যাব। নতুন নামটোৱে সংস্থাটোৰ ক্ৰীড়া ফেডাৰেচনৰ পৰা ক্ৰীড়া আন্দোলনলৈ পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে।

কমনৱেলথ স্প’ৰ্টছৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) কেটি ছেডলিয়াৰে কয় যে, “‘কমনৱেলথ স্প’ৰ্ট’ নামটোৱে আমাৰ উদ্দেশ্যক অধিক শক্তিশালী আৰু ঐক্যবদ্ধভাৱে প্ৰতিনিধিত্ব কৰে, যাৰ ফলত আমাৰ পৰিচয় অধিক প্ৰভাৱশালী আৰু ব্যাপক হৈ পৰে।” অৱশ্যে আইনগতভাৱে সংস্থাটোৰ নাম ‘কমনৱেলথ গেমছ ফেডাৰেচন’ হৈ থাকিব।

ৰজা চাৰ্লছে শুভাৰম্ভ কৰিলে ৰজাৰ বেটন ৰিলে

ইফালে, সোমবাৰে বাকিংহাম পেলেচত অনুষ্ঠিত হ’বলগীয়া গ্লাছগো ২০২৬ কমনৱেলথ গেমছৰ বাবে ‘কমনৱেলথ স্প’ৰ্ট কিংছ বেটন ৰিলে’ আনুষ্ঠানিকভাৱে মুকলি কৰে কমনৱেলথ স্প’ৰ্টছৰ পৃষ্ঠপোষক কিং চাৰ্লছে।

তেওঁ কমনৱেলথলৈ নিজৰ বাৰ্তাটো প্ৰথমে বেতনত ৰাখি প্ৰথম দৌৰবিদ ছাৰ ক্ৰীছ হয়ৰ হাতত গতাই দিয়ে আৰু এই ঐতিহাসিক ৰিলেৰ আৰম্ভণি হয়। গ্লাছগো ২০২৬ৰ মুকলি অনুষ্ঠানৰ ৫০০ দিন পূৰ্বে অনুষ্ঠিত হয় এই অনুষ্ঠান।

এইবাৰৰ বেটন ৰিলে এতিয়ালৈকে আটাইতকৈ দীঘলীয়া হ’ব, য’ত কমনৱেলথৰ ৭৪খন দেশ আৰু টেৰিটৰীৰ ক্ৰীড়া ফেডাৰেচনসমূহে নিজৰ কাৰ্যকলাপ আয়োজন কৰিবলৈ ছয় দিনলৈ সময়সীমা লাভ কৰিব।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande