আদালত অৱমাননাৰ গোচৰত প্ৰধানমন্ত্ৰী অলিলৈ নেপালৰ উচ্চতম ন্যায়ালয়ৰ জাননী প্ৰেৰণ
কাঠমাণ্ডু, ১৭ ফেব্ৰুৱাৰী (হি.স.)। নেপালৰ উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ গোচৰত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীলৈ জাননী প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত ৭ দিনৰ ভিতৰত লিখিত উত্তৰ দিবলৈ প্ৰধানমন্ত্ৰী অলিক আদালতে কয়। যোৱা বছৰ উচ্চতম ন্যায়ালয়ে গিৰিবন্ধু চাহ ৰ
আদালত অৱমাননাৰ গোচৰত প্ৰধানমন্ত্ৰী অলিলৈ নেপালৰ উচ্চতম ন্যায়ালয়ৰ জাননী প্ৰেৰণ


কাঠমাণ্ডু, ১৭ ফেব্ৰুৱাৰী (হি.স.)। নেপালৰ উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ গোচৰত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীলৈ জাননী প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত ৭ দিনৰ ভিতৰত লিখিত উত্তৰ দিবলৈ প্ৰধানমন্ত্ৰী অলিক আদালতে কয়। যোৱা বছৰ উচ্চতম ন্যায়ালয়ে গিৰিবন্ধু চাহ ৰাজ্যৰ ভূমি কেলেংকাৰিৰ তদন্তৰ নিৰ্দেশ দিছিল যদিও তদন্ত চলোৱাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে ভূমি কেলেংকাৰীক বৈধ কৰাৰ বাবে অধ্যাদেশ আনে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ওম প্ৰকাশ আৰ্যলে প্ৰধানমন্ত্ৰী অলিৰ এই সিদ্ধান্তক আদালত অৱমাননা বুলি অভিহিত কৰি আৱেদন (ৰিট) দাখিল কৰিছিল। সোমবাৰে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আদালতে প্ৰধানমন্ত্ৰী অলিলৈ জাননী প্ৰেৰণ কৰিছে। অধিবক্তা আৰিয়ালে কয় যে আদালতে প্ৰধানমন্ত্ৰীক সাত দিনৰ সময় দিছে আৰু এই সন্দৰ্ভত লিখিত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সাৰংগা সুবেদী আৰু নিত্যানন্দ পাণ্ডেৰ যুটীয়া বিচাৰপীঠে প্ৰধানমন্ত্ৰী অলিলৈ জাননী প্ৰেৰণ কৰাৰ উপৰিও গিৰিবন্ধু চাহ ৰাজ্যৰ সৈতে জড়িত সকলো ফাইল আদালতত জমা দিবলৈ কয়। চমু সিদ্ধান্তত ন্যায়াধীশসকলে কয় যে এতিয়া আদালতে নিজৰ তত্বাৱধানত ইয়াৰ তদন্ত কৰিব।

গিৰিবন্ধু চাহ ৰাজ্য নেপালৰ পূব সীমান্ত ঝাপাত অৱস্থিত, য’ত অলিয়ে তেওঁৰ পূৰ্বৰ চৰকাৰৰ দিনত প্ৰায় ৩৫০ বিঘা চৰকাৰী মাটি তেওঁৰ প্ৰিয় লোকসকলক বিতৰণ কৰিছিল, কিন্তু ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে এই মাটি আবণ্টন বাতিল কৰি ইয়াৰ তদন্তৰ নিৰ্দেশ দিয়ে। এইবাৰ যেতিয়া অলিয়ে পুনৰ ক্ষমতা দখল কৰিলে, তেতিয়া তেওঁ অধ্যাদেশ আনি এই মাটি আবণ্টনক আইনী স্বীকৃতি দিবলৈ চেষ্টা কৰিলে। কিন্তু এই অধ্যাদেশ সংসদত এতিয়াও গৃহীত হোৱা নাই আৰু ভূমি অধ্যাদেশ নামেৰে এই অধ্যাদেশৰ শাসক-বিৰোধী পক্ষই অহৰহ বিৰোধিতা কৰি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande