প’ৰ্ট লুইছ, ১১ মাৰ্চ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মৰিচাছত উপস্থিত হয় । মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীন ৰামগুলামে বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনায়। তেওঁৰ সৈতে উপ-প্ৰধানমন্ত্ৰী, মুখ্য ন্যায়াধীশ, বিৰোধী দলপতি, মৰিচাছৰ বৈদেশিক মন্ত্ৰীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।
মঙলবাৰে পুৱা ৬ বজাত (স্থানীয় সময় অনুসৰি) মৰিচাছৰ ছাৰ শিৱসাগৰ ৰামগুলাম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভৱ্য আদৰণিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি এক্স- প’ষ্টত লিখিছে– 'মই মৰিচাছ পাইছো।' বিমানবন্দৰত মোক বিশেষ আদৰণি জনোৱা মোৰ বন্ধু প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই ভ্ৰমণত এজন মূল্যৱান বন্ধুক লগ পোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ অন্বেষণ কৰাৰ এক সুন্দৰ সুযোগ। আজি ৰাষ্ট্ৰপতি ধৰ্ম গোখূল, প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰি সন্ধিয়া এক সামূহিক অনুষ্ঠানত ভাষণ দিম।
উল্লেখযোগ্য যে মোডী দুদিনীয়া মৰিচাছ ভ্ৰমণত আছে। তেওঁ ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু তেওঁৰ ভ্ৰমণৰ সময়ত কেইবাখনো দ্বিপাক্ষিক চুক্তিও স্বাক্ষৰিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া