কুৱেটা, ১২ মাৰ্চ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত বেলুচ লিবাৰেচন আৰ্মীয়ে আক্ৰমণ কৰা যাত্ৰীবাহী ৰে’ল জাফৰ এক্সপ্ৰেছৰ বাবে সেনাই আৰম্ভ কৰা উদ্ধাৰ অভিযানৰ সময়ত এতিয়ালৈকে ১০৪ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে আৰু ১৬ জন বিদ্ৰোহী নিহত হোৱাৰ দাবী কৰা হৈছে। আনহাতে বিএলএই ৩০ জন পাকিস্তানী নিৰাপত্তাৰক্ষীক হত্যা কৰা বুলি দাবী কৰিছে। বিএলএ নিজৰ দাবীক লৈ অটল। ৰে’লখনৰ ৯টা ডবাত ৪০০ৰো অধিক যাত্ৰী আছিল।
পাকিস্তানী সংবাদ মাধ্যমৰ সংগঠন জিঅ’ নিউজৰ মতে, বুধবাৰেও ৰে’লৰ পণবন্দীসকলক উদ্ধাৰৰ বাবে সেনাৰ অভিযান অব্যাহত আছে ৰে’লৱেৰ বিষয়াসকলৰ উদ্ধৃতিৰে কোৱা হৈছে যে বুধবাৰে পুৱা জাফৰ এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰা ৫৭জন যাত্ৰীক ক্কেটালৈ লৈ যোৱা হয়। আন ২৩ জন যাত্ৰী মচ্ছত আছে। এই উদ্ধাৰ কৰা যাত্ৰীসকলৰ ভিতৰত আছে ৫৮ জন পুৰুষ, ৩১ জন মহিলা আৰু ১৫ জন শিশু।
পণবন্দীসকলক মুকলি কৰি দিয়াৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছেঃ শ্বাহবাজ শ্বৰীফ
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে কঠিন অঞ্চল হোৱাৰ পিছতো আমাৰ জোৱানসকলে সাহসেৰে পণবন্দীসকলক উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে আৰু এই জোৱানসকলে সম্পূৰ্ণ উৎসাহেৰে উদ্ধাৰ অভিযান চলাই আছে। পণবন্দীসকলক নিৰাপদে মুকলি কৰি দিয়াৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে।
পাকিস্তানৰ গৃহ ৰাজ্য মন্ত্ৰী তালাল চৌধুৰীয়ে কয় যে অপহৰণকাৰীয়ে জাফৰ এক্সপ্ৰেছৰ বহু যাত্ৰীক ৰে’লৰ পৰা নমাই পাহাৰীয়া অঞ্চললৈ লৈ গৈছে।
ৰে’লখনত আক্ৰমণ কৰাৰ পিছত যাত্ৰীসকলক কৰি ৰখা হৈছিল পণবন্দী
ইয়াৰ পূৰ্বে মঙলবাৰে বিএলএই জাফ্ফৰ এক্সপ্ৰেছ ৰে’লখনক আক্ৰমণ কৰি নিজৰ নিয়ন্ত্ৰণলৈ নিয়ে। বিদ্ৰোহীয়ে ৰে’লৰ ২১৪ যাত্ৰীক পণবন্দী কৰি লৈ যায়। সাধাৰণ যাত্ৰীৰ উপৰিও পণবন্দীসকলৰ ভিতৰত আছে সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ জোৱান।
ক্কেটাৰ পৰা পেছাৱাৰলৈ যোৱা এই ৯ টা দবাৰ ৰে’লখনত প্ৰায় ৫০০ যাত্ৰী আছিল। আক্রমণকাৰীয়ে বিস্ফোৰণ আৰু বন্দুকৰ গুলীৰ মাজেৰে সুৰংগত ৰে’লখন ৰখাই দিয়ে, যাৰ ফলত ৰে’লৰ চালকজন আহত হয়৷ বিএলএই পাকিস্তান চৰকাৰক সকীয়াই দিছিল যে যদি পাকিস্তানী সেনাই তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰে তেন্তে পণবন্দী সকলোকে হত্যা কৰা হ’ব। বৰ্তমান এই ৰে’লখন হাইজেকিঙৰ পিছত সুৰংগটোৰ ওচৰত থিয় হৈ আছে।
বিয়েৰএ ৰ চাহিদা কি
বেলুচসকলৰ প্ৰথম আৰু প্ৰধান দাবী যে বেলুচিস্তানত পাকিস্তানৰ কোনো সংস্থাৰ প্ৰতিনিধি নাথাকিব। সংস্থাটোৱে বিশ্বাস কৰে যে চীনৰ সৈতে চিপিইচি প্ৰকল্পই বেলুচিস্তানৰ খনিজ সম্পদৰ অহৰহ শোষণ কৰি আছে আৰু ইয়াৰ বাবে বেলুচ সম্প্ৰদায়ৰ বহু সংখ্যক লোক স্থানচ্যুত হৈছে। ইয়াৰ পৰা এই প্ৰকল্পটো আঁতৰাবলৈ বেলুচসকলে অহৰহ দাবী উত্থাপন কৰি আহিছে। ইয়াৰ সমান্তৰালকৈ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা সতীৰ্থসকলকো শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে। এই দাবী সন্দৰ্ভত বিগত কেইবাবছৰ ধৰি পাকিস্তানক আক্ৰমণ কৰি আহিছে বিএলএই।
বি এল এ কেতিয়া প্ৰতিষ্ঠা হৈছিল
ভাৰত-পাকিস্তান বিভাজনৰ সময়ৰ পৰাই বেলুচিস্তানৰ জনসাধাৰণে বিশ্বাস কৰিছিল যে তেওঁলোকে স্বাধীন দেশ হিচাপে স্বীকৃতি বিচাৰে কিন্তু তেওঁলোকক বলপূৰ্বকভাৱে পাকিস্তানত অন্তৰ্ভুক্ত কৰা হৈছিল। এই অসন্তুষ্টি সময়ৰ লগে লগে বাঢ়ি আহিল আৰু বেলুচিস্তানৰ স্বাধীনতাৰ দাবী কৰা কেইবাটাও সংগঠনৰ ভিতৰত বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ) আটাইতকৈ শক্তিশালী হিচাপে আত্মপ্ৰকাশ কৰে। এই সংগঠনৰ ভেটি ১৯৭০ চনত স্থাপন কৰি জুলফিকাৰ আলী ভুট্টোৰ চৰকাৰৰ বিৰুদ্ধে বেলুচসকলে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰিছিল বুলি বিশ্বাস কৰা হয়। ২০০৬ চনৰ ২৬ আগষ্টত পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ অভিযানত বি এল এৰ বিশিষ্ট নেতা তথা বেলুচিস্তানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰ্দাৰ আকবৰ খান বুগটিক হত্যা কৰা ঘটনাই বি এল এৰ ক্ষোভ আৰু অধিক তীব্ৰতৰ কৰি তুলিছিল।
আমেৰিকাই নিজৰ নাগৰিকক সকীয়াই দিছিল
বিশেষ কথাটো হ’ল মাত্ৰ দুদিন পূৰ্বে আমেৰিকাই নিজৰ নাগৰিকসকলৰ বাবে ট্ৰেভেল এডভাইজাৰী জাৰি কৰিছিল আৰু তেওঁলোকক পাকিস্তান ভ্ৰমণৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ পৰামৰ্শ দিছিল। ট্ৰেভেল এডভাইজাৰীত আমেৰিকানসকলক বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱালৈ নাযাবলৈ কোৱা হৈছে। ইয়াত কোৱা হৈছে যে পাকিস্তানত হিংসাত্মক গোটসমূহে পৰিকল্পনা আৰু আক্ৰমণ অব্যাহত ৰাখিছে। বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱা প্ৰদেশত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণ। এই বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণত বহু লোকো নিহত হৈছে। নিৰাপত্তাৰ ক্ষেত্ৰতো পাকিস্তান অস্থিৰ হৈ আছে বুলিও পৰামৰ্শদাতাখনে প্ৰকাশ কৰে।
চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল ভাৰতে
দেওবাৰে সমাপ্ত হোৱা চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযাব বুলি স্পষ্ট কৰি দিছিল ভাৰতে। এইবাৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজক দেশ আছিল পাকিস্তান যদিও নিৰাপত্তাজনিত কাৰণত ভাৰতে ভাৰতৰ বাবে হাইব্ৰিড মডেল থকাৰ চৰ্ত ৰাখিছিল, যিটো আইচিচিয়ে মানি লৈছিল। ইয়াৰ পিছত ভাৰতে প্ৰতিযোগিতাখনৰ সকলো মেচ ডুবাইত খেলি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে, সেয়েহে ইয়াৰ চূড়ান্ত মেচখনো পাকিস্তানৰ পৰিৱৰ্তে ডুবাইত অনুষ্ঠিত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া