আই পি এল ২০২৫: ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ আৰু ফাইনেল
নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰী (এইচ এছ)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ সূচী ঘোষণা কৰা হৈছে। ২২ মাৰ্চত কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ খেলখনত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়
आईपीएल 2025-फाइनल की मेजबानी करेगा ईडन गार्डन्स


নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰী (এইচ এছ)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ সূচী ঘোষণা কৰা হৈছে। ২২ মাৰ্চত কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ খেলখনত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত মুখামুখি হ’ব। এই খেলপথাৰত ২৫ মে’ত চূড়ান্ত খেলখনো অনুষ্ঠিত হ’ব।

এটা দশকৰ পাছত কলকাতাত ফাইনেল

প্ৰায় এটা দশকৰ অন্তত আই পি এলৰ ফাইনেল আয়োজন কৰিব ইডেন গাৰ্ডেনছত। ইয়াৰ পূৰ্বে এই খেলপথাৰত ২০১৩ আৰু ২০১৫ চনত খিতাপৰ মেচ অনুষ্ঠিত হৈছিল। ইয়াৰ উপৰিও ইয়াত ৩ মে’ত অনুষ্ঠিত হ’ব কোৱালিফায়াৰ ২।

হায়দৰাবাদেও প্লে অফৰ সুযোগ লাভ –

২০২৪ চনৰ ৰানাৰ্ছ আপ ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ ঘৰুৱা খেলপথাৰতো প্লে অফৰ খেল আয়োজনৰ সুযোগ লাভ কৰিছে। হায়দৰাবাদত অনুষ্ঠিত হ’ব কোৱালিফায়াৰ ১ (২০ মে’) আৰু এলিমিনেটৰ (২১ মে’)।

৬৫ দিনত ৭৪খন খেল অনুষ্ঠিত –

২০২৫ চনৰ আই পি এলত ৬৫ দিনত ১২খন ডাবল হেডাৰৰ সৈতে মুঠ ৭৪খন মেচ অনুষ্ঠিত হ’ব। ২৩ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰথমখন ডাবল হেডাৰ, প্ৰথমখন মেচ হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত। ইয়াৰ পিছত দিনটোৰ আটাইতকৈ ডাঙৰ খেলখন দেখা যাব যেতিয়া চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ এই সন্মানীয় মেচখনত মুখামুখি হ’ব।

ডাবল হেডাৰত কোনে কিমান দুপৰীয়া মেচ খেলিব?

ৰাজস্থান ৰয়েলছ, দিল্লী কেপিটেলছ, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু গুজৰাট টাইটানছ – বিয়লি ৩-৩ মেচ।

আন সাতটা দল - ২-২ বিয়লিৰ মেচ

যোৱা বছৰৰ দৰে এইবাৰো ভাৰতীয় সময় অনুসৰি বিয়লি ৩:৩০ বজাৰ পৰা বিয়লিৰ খেল আৰম্ভ হ’ব।

গুৱাহাটী, বিশাখাপট্টনম আৰু ধৰ্মশালাৰো আয়োজনৰ দায়িত্ব লাভ–

এইবাৰো কিছুমান দলৰ দ্বিতীয় ঘৰুৱা খেলপথাৰ থাকিব। গুৱাহাটী (ৰাজস্থান ৰয়েলছ) আৰু বিশাখাপট্টনম (দিল্লী কেপিটেলছ)ত ২-২ মেচ অনুষ্ঠিত হ’ব। ধৰ্মশালা (পাঞ্জাব কিংছ)ত ৩খন খেল অনুষ্ঠিত হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande