এফ আই এইচ প্ৰ’ লীগ ২০২৪-২৫: স্পেইনৰ বিৰুদ্ধে পৰৱৰ্তী দুখন মেচ খেলিব ভাৰতীয় মহিলা হকী দল
ভুৱনেশ্বৰ, ১৭ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় মহিলা হকী দলটোৱে এফ আই এইচ প্ৰ’ লীগ ২০২৪-২৫ৰ পৰৱৰ্তী মেচত স্পেইনৰ বিৰুদ্ধে খেলিব। এই খেলসমূহ অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত ইয়াৰ কলিংগ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই খেলখনক লৈ উৎফুল্লিত ভাৰতীয় দলটোৱে জয় পঞ্জী
ভাৰতীয় মহিলা হকী দল


ভুৱনেশ্বৰ, ১৭ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় মহিলা হকী দলটোৱে এফ আই এইচ প্ৰ’ লীগ ২০২৪-২৫ৰ পৰৱৰ্তী মেচত স্পেইনৰ বিৰুদ্ধে খেলিব। এই খেলসমূহ অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত ইয়াৰ কলিংগ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই খেলখনক লৈ উৎফুল্লিত ভাৰতীয় দলটোৱে জয় পঞ্জীয়ন কৰি পইণ্ট তালিকাত ওপৰলৈ উঠিবলৈ চেষ্টা কৰিব।

ছালিমা টেটে নেতৃত্বাধীন ভাৰতীয় মহিলা হকী দলটোৱে প্ৰথমখন মেচত ইংলেণ্ডৰ বিৰুদ্ধে ৩-২ গ’লত ৰোমাঞ্চকৰ জয়ৰে এক সুন্দৰ আৰম্ভণি কৰাৰ পিছত দ্বিতীয়খন মেচত বোনাছ পইণ্টৰ পৰা বঞ্চিত হয়। ৰেগুলেশ্যন টাইমত ২-২ গ’লত সমতা স্থাপন কৰাৰ পাছত শ্বুটআউটত দলটোৱে ২-১ গ’লত পৰাস্ত হয়। বৰ্তমান ভাৰতীয় মহিলা দলটোৱে দুখন খেলৰ পৰা ৪ পইণ্ট লাভ কৰি তালিকাৰ অষ্টম স্থানত আছে।

ভাৰতীয় মহিলা হকী দলৰ ভাইচ অধিনায়ক নৱনীত কৌৰে এই পৰ্যন্ত দলৰ সৰ্বাধিক স্ক’ৰাৰ হিচাপে পৰিগণিত হৈছে। দুয়োখন মেচতে এটা গ’ল দি ভাৰতীয় ফৰৱাৰ্ড লাইনক স্থিৰতা প্ৰদান কৰিছে। আনহাতে স্পেইনে এফ আই এইচ প্ৰ’ লীগৰ ইণ্ডিয়া লেগত জাৰ্মানীৰ বিৰুদ্ধে একেৰাহে দুটাকৈ জয় লাভ কৰিছে। ইয়াৰ উপৰিও জাৰ্মানীৰ বিৰুদ্ধে ২-১ গ’লত বেক টু বেক জয়ৰ পঞ্জীয়ন কৰি ভাৰতৰ বিৰুদ্ধে খেলৰ পূৰ্বে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে।

শেহতীয়াকৈ তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ পিছতো সামগ্ৰিকভাৱে স্পেইনৰ প্ৰদৰ্শন মিশ্ৰিত। এতিয়ালৈকে খেলা ছখন মেচৰ ভিতৰত মাত্ৰ দুখন খেলত জয় আৰু এখন শ্বুটআউটত জয়লাভ হৈছে। ৮ পইণ্টেৰে টেবুলৰ চতুৰ্থ স্থানত থকা স্পেইনে নিজৰ স্থান দৃঢ় কৰাৰ চেষ্টা কৰিব।

স্পেইনৰ বিৰুদ্ধে আগন্তুক মেচ সন্দৰ্ভত মন্তব্য কৰি ভাৰতীয় অধিনায়ক ছালিমা টেটে কয় যে আমি স্পেইনৰ বিৰুদ্ধে আমাৰ খেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছো। তেওঁলোক (স্পেইন) এটা কঠিন দল আৰু আমি জানো যে ই এক প্ৰত্যাহ্বানমূলক খেল হ’ব। অৱশ্যে আমাৰ দলটো এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে আমি আমাৰ প্ৰদৰ্শন বিশ্লেষণ কৰিছো আৰু বিশেষকৈ পেনাল্টি কৰ্ণাৰক গ’ললৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমি উন্নতি কৰিবলগীয়া ক্ষেত্ৰসমূহ চিনাক্ত কৰিছো। আমি আমাৰ ডিফেন্স শক্তিশালী কৰাত আৰু আমাৰ স্ক’ৰ কৰাৰ সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰাত মনোনিৱেশ কৰিছো। গুৰুত্বপূৰ্ণ পইণ্ট পাবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম বুলিও তেওঁ কয়।

১৮ ফেব্ৰুৱাৰীত সন্ধিয়া ৫:১৫ বজাত আৰু ১৯ ফেব্ৰুৱাৰীত সন্ধিয়া ৭:৩০ বজাত স্পেইনৰ বিৰুদ্ধে খেলিব ভাৰতীয় মহিলা দল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande