কাঠমাণ্ডু, ১৬ ফেব্ৰুৱাৰী (হি.স.)। নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে সাংবিধানিক মৰ্যাদা শেষ কৰি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ঘোষণা কৰাৰ আঁৰত আমেৰিকাৰ পুঁজিৰ তদন্ত কৰিবলৈ দেওবাৰে সদনত দাবী জনাইছিল ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টি (নেশ্যনেল ডেম’ক্ৰেটিক পাৰ্টি)ৰ এজন সাংসদে। নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে ধ্বংস কৰিবলৈ আৰু ধৰ্মান্তৰকৰণৰ বাবে ১০ কোটি ডলাৰৰ আমেৰিকাৰ পুঁজি আছে বুলি দাবী কৰা হৈছে।
দেওবাৰে প্ৰতিনিধি সদনত শূন্য ঘন্টাৰ সময়ত ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ সাংসদ ধৱাল শমশ্বেৰ ৰাণাই হিন্দু ৰাষ্ট্ৰ হিচাপে নেপালৰ সাংবিধানিক মৰ্যাদা শেষ কৰি ধৰ্মনিৰপেক্ষ দেশ ঘোষণা কৰাৰ লগতে ধৰ্মান্তৰকৰণৰ বাবে এতিয়ালৈকে ১০ কোটি মাৰ্কিন ডলাৰ ব্যয় কৰা হৈছে বুলি দাবী জনায়। এই সন্দৰ্ভত তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠনৰ দাবী জনাইছে। সাংসদ ৰাণাই কয় যে কোনজন নেতাই আমেৰিকাৰ পুঁজি লাভ কৰিছিল সেই সত্য দেশ আৰু বিশ্বৰ আগত প্ৰকাশ কৰা উচিত। তেওঁ কয় যে নেপালৰ জনআন্দোলনত হিন্দু জাতিটোক শেষ কৰি ধৰ্মনিৰপেক্ষ দেশ ঘোষণা কৰাৰ দাবী কেতিয়াও নাছিল।
সাংসদ ৰাণাই লগতে কয় যে দেশত ৰাজতন্ত্ৰৰ অন্ত পৰাৰ পিছত এক ডজন ডাঙৰ দলৰ নেতাই অন্তৱৰ্তীকালীন সংবিধান ঘোষণা কৰিছিল, য’ত নেপালক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছিল। এই সন্দৰ্ভত ন্যায়িক তদন্ত কৰি দোষীক শাস্তি দিবলৈ চৰকাৰক দাবী জনাইছে সাংসদ ৰাণাই। তেওঁ কয় যে নেপালক বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰ হিচাপে চিনাক্ত কৰা হৈছে। সেয়ে সংসদৰ পৰা ধৰ্মনিৰপেক্ষতাক নাকচ কৰি দেশক পুনৰ হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া