
জুনিউ (আলাস্কা), ০৭ ডিচেম্বৰ (হি.স.)। দক্ষিণ-পূব আলাস্কাত স্থানীয় সময় অনুসৰি শনিবাৰে বিয়লি দক্ষিণ-পূব আলাস্কাত এক প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়। ৰিখটাৰ স্কেলত ইয়াৰ মাত্ৰা ৭.০ জুখিছিল। ইয়াৰ পিছত আৰু কমেও ২০ বাৰ কম্পন অনুভৱ হয়। ৭.০ প্ৰাবল্যৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আলাস্কাৰ ৰাজধানী জুনিউৰ পৰা প্ৰায় ২৩০ মাইল উত্তৰ-পূবত আছিল। অৱশ্যে কোনো ধৰণৰ ক্ষয় ক্ষতিৰ খবৰ পোৱা নাই।
ফক্স নিউজে প্ৰকাশ কৰা অনুসৰি, আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ আৰু আলাস্কা বিশ্ববিদ্যালয়ৰ ভূমিকম্প কেন্দ্ৰৰ মতে, শনিবাৰে দুপৰীয়াৰ আশে-পাশে আমেৰিকা-কানাডা সীমান্তৰ সমীপৰ দক্ষিণ-পূব আলাস্কাত ২০টাতকৈও অধিক কম্পনে আঘাত কৰে। ৭.০ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত ৫.৩ আৰু ৫.০ প্ৰাবল্যৰ কম্পন হয়।
ভূতত্ত্ববিদসকলৰ মতে, আমেৰিকাৰ আলাস্কা ৰাজ্য আৰু কানাডাৰ ইউকন টেৰিটৰীৰ সীমান্তৰ পাহাৰৰ ঢালৰ কম জনবসতিপূৰ্ণ অঞ্চলত এই কম্পন অনুভূত হয়। ইয়াৰে কিছুমানৰ মাত্ৰা আছিল মাত্ৰ ৩.৩। আমেৰিকাৰ চুনামী সতৰ্কবাণী ব্যৱস্থাৰ মতে চুনামীৰ কোনো ভাবুকি নাই।
हिन्दुस्थान समाचार / অৰৱিন্দ