এনবিএঃ ৩১ হাজাৰ পইণ্ট লাভ কৰা অষ্টমজন খেলুৱৈ হিচাপে পৰিগণিত কেভিন ডুৰাণ্ট, ছান্সক পৰাস্ত কৰে ৰকেটছ
নতুন দিল্লী, ০৬ ডিচেম্বৰ (হি.স.)। হিউষ্টন ৰকেটছৰ তাৰকা কেভিন ডুৰাণ্টে শুকুৰবাৰে নিশা ফিনিক্স ছান্সৰ বিৰুদ্ধে ২৮ পইণ্ট সংগ্ৰহ কৰি এনবিএৰ ইতিহাসত কেৰিয়াৰৰ ৩১ হাজাৰ পইণ্ট লাভ কৰা অষ্টমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। ১১৭-৯৮ পইন্টত জয়লাভ কৰে ৰকেটে। ডুৰ
ह्यूस्टन रॉकेट्स के स्टार केविन ड्यूरेंट


নতুন দিল্লী, ০৬ ডিচেম্বৰ (হি.স.)। হিউষ্টন ৰকেটছৰ তাৰকা কেভিন ডুৰাণ্টে শুকুৰবাৰে নিশা ফিনিক্স ছান্সৰ বিৰুদ্ধে ২৮ পইণ্ট সংগ্ৰহ কৰি এনবিএৰ ইতিহাসত কেৰিয়াৰৰ ৩১ হাজাৰ পইণ্ট লাভ কৰা অষ্টমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। ১১৭-৯৮ পইন্টত জয়লাভ কৰে ৰকেটে।

ডুৰাণ্টে নিজৰ পূৰ্বৰ দল ছান্সৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰে। এই মেচখন তেওঁৰ বাবেও বিশেষ আছিল কাৰণ তেওঁ ব্লকবাষ্টাৰ সাতটা দলৰ ট্ৰেডৰ পিছত প্ৰথমবাৰৰ বাবে পুৰণি সতীৰ্থসকলৰ সৈতে মুখামুখি হৈছিল। ২৪ নৱেম্বৰত ফিনিক্সত ব্যক্তিগত কাৰণত অনুষ্ঠিত হোৱা মেচখনত ডুৰাণ্টে অংশ ল’ব নোৱাৰিছিল, য’ত হিউষ্টনে ১১৪-৯২ পইন্টত জয়লাভ কৰিছিল।

ৰকেটছৰ হৈ আমিন থম্পছনে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ছিজনৰ সৰ্বোচ্চ ৩১ পইণ্ট সংগ্ৰহ কৰাৰ লগতে ছয়খন খেলত দলটোৰ পঞ্চমটো জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এনবিএৰ ইতিহাসত ৩১,০০০ কেৰিয়াৰ পইণ্ট লাভ কৰা আঠজন খেলুৱৈ:

উইল্ট চেম্বাৰলেন, কৰিম আব্দুল-জব্বাৰ, মাইকেল জৰ্ডান, কাৰ্ল মেলন, কোবে ব্রায়ান্ট, ডাৰ্ক নভিচকি, লেব্ৰন জেমছ, কেভিন ডুৰাণ্ট*

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande