
কাঠমাণ্ডু/লণ্ডন, ০৩ ডিচেম্বৰ (হি.স.)। ব্ৰিটেইনৰ এখন আদালতে ৭ গৰাকী ছোৱালী আৰু এগৰাকী মহিলাক যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰাৰ অপৰাধত এজন নেপালী নাগৰিকক ২৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
ব্ৰিটেইনৰ পিটাৰব’ৰ’ৰ প্ৰমোদ ঢাকাল (৪৯)ক কেম্ব্ৰিজ ক্রাউন ক’ৰ্টে যৌন অপৰাধত দোষী সাব্যস্ত কৰি ২৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
আদালতৰ তথ্য অনুসৰি ১৯ বছৰৰ ভিতৰত ঢাকলে বাৰে বাৰে ৭ গৰাকী ছোৱালী আৰু এগৰাকী মহিলাক যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰিছিল। ঢাকালৰ পূৰ্বপুৰুষৰ ঘৰ কাঠমাণ্ডুত বুলি কোৱা হয়।
২০২৩ চনৰ নৱেম্বৰ মাহত এগৰাকী ভুক্তভোগীয়ে পৰিয়ালৰ আগত এই কথা প্ৰকাশ কৰাৰ পিছতে ঢাকালক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছত আৰু সাতজন ভুক্তভোগী আগবাঢ়ি আহিল।
যৌন নিৰ্যাতনৰ সময়ত এগৰাকী ভুক্তভোগীৰ বাহিৰে বাকী সকলোৱেই ছোৱালী আছিল; এই ভুক্তভোগীসকলৰ ভিতৰত আটাইতকৈ সৰুজনৰ বয়স আছিল মাত্ৰ ৮ বছৰ। ৭ জন কেম্ব্ৰিজশ্বাৰৰ আৰু এজন লণ্ডনৰ। বহু ভুক্তভোগীয়ে অবিশ্বাসৰ ভয়ত বহু সময় ধৰি নিজৰ কাহিনীবোৰ আবদ্ধ কৰি ৰাখিছিল।
কেম্ব্ৰিজ ক্রাউন আদালতৰ ন্যায়াধীশ মাৰ্ক বিচপে মঙলবাৰে ঢাকালক ২৫ বছৰৰ কাৰাদণ্ড আৰু অতিৰিক্ত ৮ বছৰৰ “বৰ্ধিত অনুজ্ঞাপত্ৰৰ সময়সীমা” (মুক্তিৰ পিছত কঠোৰ তত্বাৱধান) শাস্তি প্ৰদান কৰে।
যোৱা কেইবছৰমানৰ পৰা পিটাৰবৰো অঞ্চলত এখন ৰেষ্টুৰেণ্ট চলাই আহিছিল ঢাকলে।
हिन्दुस्थान समाचार / অৰৱিন্দ