
কুৱালালামপুৰ, ০৩ ডিচেম্বৰ (হি.স.)। ২০১৪ চনত নিৰুদ্দেশ হোৱা মালয়েছিয়া এয়াৰলাইন্সৰ বিমান এম এইচ ৩৭০ৰ সন্ধান পুনৰ আৰম্ভ কৰিব মালয়েছিয়া চৰকাৰে। ৩০ ডিচেম্বৰৰ পৰা গভীৰ সাগৰত বিমানখনৰ সন্ধান আৰম্ভ হ’ব। পৰিবহন মন্ত্ৰালয়ে এক বিবৃতিত কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিন ৰবটিক্স কোম্পানী অ’চেন ইনফিনিটিয়ে ৫৫ দিনীয়া অনুসন্ধান চলাব বুলি নিশ্চিত কৰিছে।
দ্য জাকাৰ্টা পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিমানখনৰ ধ্বংসাৱশেষ পোৱাৰ সম্ভাৱনা থকা অঞ্চলসমূহত মাজে মাজে এই অনুসন্ধান চলোৱা হ’ব। এই অভিযান চলিত বৰ্ষৰ ২৫ মাৰ্চত মালয়েছিয়া চৰকাৰ আৰু অ’চেন ইনফিনিটিৰ মাজত স্বাক্ষৰিত চুক্তিৰ অংশ। মন্ত্ৰালয়ে জনোৱা মতে, এই শোকাৱহ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ধাৰাবাহিকভাৱে অনুসন্ধান আৰম্ভ কৰিবলৈ অনুৰোধ জনাই আহিছে। যোৱা বছৰৰ ডিচেম্বৰ মাহত পৰিবহণ মন্ত্ৰী এণ্টনি লোকে উল্লেখ কৰিছিল যে যদিহে বিমানখনৰ ধ্বংসাৱশেষ পোৱা নাযায় তেন্তে মালয়েছিয়া চৰকাৰে অ’চেন ইনফিনিটিক কোনো ধৰণৰ ধন দিব নালাগিব।
কুৱালালামপুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ২২৭ জন যাত্ৰী আৰু ১২ জন ক্ৰু সদস্য লৈ বেইজিং অভিমুখে উৰা মাৰিছিল আৰু তাৰ পিছত নিৰুদ্দেশ হৈছিল। চীন আৰু অষ্ট্ৰেলিয়াৰ সৈতে মালয়েছিয়া চৰকাৰে ২০১৮ চনৰ জানুৱাৰীৰ পৰা জুনলৈকে দক্ষিণ ভাৰত মহাসাগৰত ইয়াক বিচাৰিছিল।
এই বিমানখনৰ নিৰুদ্দেশৰ সমগ্ৰ ঘটনাটো ইমানেই ৰহস্যময় যে কেইবাদিনো ধৰি অনুসন্ধান আৰু তদন্তৰ পিছতো বিমানখনৰ চূড়ান্ত স্থান বা কোনো ধ্বংসাৱশেষ পোৱা নগ’ল। তদন্ত স্থগিত ৰখা হয়, জাহাজত থকা সকলোকে মৃত বুলি ধৰা হয়। এতিয়া এই নিৰুদ্দেশ হোৱা বিমানখনৰ সন্ধান পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ২০১৪ চনৰ ৮ মাৰ্চত উৰণৰ মাত্ৰ কেইমিনিটমানৰ পিছতে বিমানখন হঠাতে বিমান পৰিবহণৰ ৰাডাৰৰ পৰা নোহোৱা হৈ যায়।
हिन्दुस्थान समाचार / অৰৱিন্দ