
নতুন দিল্লী, ০৩ ডিচেম্বৰ (হি.স.)। হিৰো হকী ইণ্ডিয়া লীগৰ দ্বিতীয় ছিজনৰ বাবে এছ জি পাইপাৰ্ছে অধিনায়কত্ব আৰু নেতৃত্বৰ গোট ঘোষণা কৰিছে। ভাৰতীয় তাৰকা ফৰৱাৰ্ড নৱনীত কৌৰে পুনৰবাৰ মহিলা দলৰ নেতৃত্ব দিব, আনহাতে অভিজ্ঞ অষ্ট্ৰেলিয়ান খেলুৱৈ কেটলিন নবছক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
ভাৰতীয় ডিফেণ্ডাৰ তথা অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী জাৰ্মানপ্ৰীত সিঙক পুৰুষ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ মিডফিল্ডাৰ কাই উইলটক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
যোৱা ছিজনত জাৰ্মানপ্ৰীত সিঙৰ আকৰ্ষণীয় প্ৰদৰ্শন আৰু এছিয়া কাপ ২০২৫ত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাই তেওঁক অধিনায়কত্বৰ বাবে উপযুক্ত পছন্দ কৰি তুলিছিল। কাই উইলটে নিজৰ অভিজ্ঞতা, ফিটনেছ আৰু মেচ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাৰে দল পৰিচালনাক আপ্লুত কৰিছিল। শেহতীয়াকৈ তেওঁ হকী ক্লাব মেলবৰ্ণৰ হকী ৱান লীগ খিতাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
নৱনীত কৌৰৰ নেতৃত্বত যোৱা ছিজনত মহিলা দলটোৱে ফলপ্ৰসূ প্ৰদৰ্শন আগবঢ়াইছিল। এতিয়া উপ-অধিনায়ক হিচাপে নিযুক্তি পোৱা অষ্ট্ৰেলিয়াৰ কেটলিন নবছে দলটোৰ ৰক্ষণ আৰু কৌশল শক্তিশালী কৰিব। ২০২৫ চনত পাৰ্থ থাণ্ডাৰষ্টিকছৰ সৈতে হকী ৱান ফাইনেলৰ খিতাপ দখল কৰে নবছে।
পুৰুষ দলৰ মুখ্য প্ৰশিক্ষক টিম অউডেনালাৰে কয়, জাৰ্মানপ্ৰীতে দলটোৰ প্ৰতি তেওঁৰ অভিজ্ঞতা আৰু নিষ্ঠা কঢ়িয়াই আনিব আৰু তেওঁলোকক উচ্চতম পৰ্যায়লৈ লৈ যাব। কাই উইলটে তেওঁৰ পৰিপক্কতা আৰু দক্ষতাৰে শক্তিশালী দিশ প্ৰদান কৰিব। সমগ্ৰ দলটোৱে অতি সোনকালে ভাৰতত একত্ৰিত হ'ব, আৰু আমি উৎকৃষ্ট ফলাফলৰ বাবে সাজু।
মহিলা দলৰ মুখ্য প্ৰশিক্ষক ছফী গেৰ্টছে কয় যে, নৱনীটে আমাৰ দলত বিচৰা নেতৃত্বৰ মূল্যবোধ প্ৰদৰ্শন কৰে। কেটলিন নবছৰ শান্ত স্বভাৱ আৰু আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাই দলটোক ভাৰসাম্য বৃদ্ধি কৰিব। আমাৰ বিশ্বব্যাপী বৈচিত্ৰ্যই এই ছিজনত আমাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব।
অধিনায়ক জাৰ্মানপ্ৰীত সিঙে কয়, এই সুযোগৰ বাবে মই পৰিচালনা আৰু প্ৰশিক্ষক কৰ্মচাৰীক ধন্যবাদ জনাইছো। আমাৰ দলটো যুৱ আৰু অভিজ্ঞ খেলুৱৈৰ এক সুন্দৰ মিশ্ৰণ, আৰু আমি এইবাৰ খিতাপ জয় কৰিবলৈ সাজু।
মহিলা দলৰ অধিনায়ক নৱনীত কৌৰে কয় যে, মোৰ ওপৰত পুনৰবাৰ আস্থা ৰখাৰ বাবে এছ জি পাইপাৰ্ছক ধন্যবাদ। আমি ছফী আৰু হেলেন মেৰীৰ সৈতে মিলি যোৱা ছিজনৰ অভাৱৰ ওপৰত ভিত্তি কৰি কৌশল প্ৰস্তুত কৰিছো। এইবাৰ আমাৰ প্ৰদৰ্শন আৰু ভাল হ'ব।
২৮ ডিচেম্বৰৰ পৰা মহিলা লীগ আৰু ৩ জানুৱাৰীৰ পৰা পুৰুষৰ লীগ আৰম্ভ হ’ব। এই ছিজনত এছ জি পাইপাৰ্ছে নিজৰ দলত উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰি গুৰুত্বপূৰ্ণ খেলুৱৈক সংযোজন কৰিছে। যোৱা ছিজনৰ বিজয়ী অধিনায়ক ৰূপিন্দৰ পাল সিঙৰ সৈতে পুৰুষৰ ৰক্ষণভাগ শক্তিশালী কৰাৰ বিপৰীতে মহিলা দলটোৱে উদিতাৰ সংযোজনেৰে দলত গভীৰতা বৃদ্ধি কৰিছে৷
এইবাৰৰ মিনি নিলামত হকীৰ সঞ্চালক শ্ৰীজেশ পি.আৰ, প্ৰশিক্ষক কৰ্মচাৰী, আৰু জ্যেষ্ঠ খেলুৱৈসকলে এনে এটা দল গঠন কৰিছে যিয়ে এই ছিজনত হিৰো হকী ইণ্ডিয়া লীগৰ খিতাপ জয় কৰাৰ সম্ভাৱনা আছে।-----------------
हिन्दुस्थान समाचार / অৰৱিন্দ