
- ৫ ডিচেম্বৰত বেলজিয়ামৰ বিৰুদ্ধে খেলিব
চেন্নাই/মাদুৰাই, ০২ ডিচেম্বৰ (হি.স.)। ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলটোৱে এফ আই এইচ হকী পুৰুষৰ জুনিয়ৰ বিশ্বকাপ তামিলনাডু ২০২৫ত অপৰাজিত হোৱাৰ আকৰ্ষণীয় লোকদৌৰ অব্যাহত ৰাখি মঙলবাৰে ছুইজাৰলেণ্ডক ৫-০ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান দখল কৰে। ৰোহিত শৰ্মাৰ অধিনায়কত্বত আৰু পি.আৰ শ্ৰীজেশৰ প্ৰশিক্ষকতাত ভাৰতীয় দলটোৱে এতিয়া ৫ ডিচেম্বৰত বেলজিয়ামৰ বিৰুদ্ধে খেলিব।
মেচখনৰ শক্তিশালী আৰম্ভণি: মনমীত সিং আৰু শৰ্দানন্দ তিৱাৰীৰ চমক
খেলখনত আৰম্ভণিৰে পৰাই আধিপত্য বিস্তাৰ কৰিছিল ভাৰতে। দ্বিতীয় মিনিটত প্ৰথমটো গ’ল দিয়ে জন্মদিন উদযাপন কৰা মনমীত সিঙে। ইয়াৰ পাছতে তেওঁ ১১ মিনিটত আন এক সুন্দৰ ফিল্ড গ’ল সংযোজন কৰি ভাৰতক ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে।
ইয়াৰ পিছতে ১৩ মিনিটত শাৰদানন্দ তিৱাৰীয়ে পেনাল্টি কৰ্ণাৰক গ’ললৈ ৰূপান্তৰিত কৰি ৩-০ গ’লত অগ্ৰগতি লাভ কৰে। ঘূৰ্ণীবতাহৰ মাজতো ভাৰতীয় খেলুৱৈসকলৰ গতিশীল খেলে বৃহত্তৰ ৰাইজক ৰোমাঞ্চিত কৰি তুলিছিল।
হাফটাইমৰ পূৰ্বেই ভাৰতৰ আধিপত্য বাহাল
পূৰ্বৰ খেলখনত ওমানৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰা আৰ্ছদীপ সিঙে ২৮ মিনিটত ভাৰতৰ চতুৰ্থটো গ’ল দিয়ে। ইফালে, গ’লৰক্ষক প্ৰিন্স দীপ সিঙে সুন্দৰ ছেভৰ জৰিয়তে চুইজাৰলেণ্ডৰ কেইবাটাও আক্ৰমণ বিফল কৰে।
চতুৰ্থ কোৱাৰ্টাৰত ভাৰতৰ আক্ৰমণ অব্যাহত থাকে। চূড়ান্ত কোৱাৰ্টাৰতো ভাৰতে নিজৰ আধিপত্য বজাই ৰাখিছিল। ৫৪ মিনিটত শাৰদানন্দ তিৱাৰীয়ে আন এটা পেনাল্টি কৰ্ণাৰ ৰূপান্তৰিত কৰি দলৰ পঞ্চমটো গ’ল দিয়াই নহয়, খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো লাভ কৰে। ইয়াৰ ফলত ভাৰতৰ পক্ষত খেলখন নিশ্চিত পৰে, আনকি ছুইজাৰলেণ্ডে পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টাও কৰিব নোৱাৰিলে।
নকআউটৰ পূৰ্বে ভাৰতৰ আকৰ্ষণীয় প্ৰদৰ্শন
ইয়াৰ পূৰ্বে ভাৰতে চিলিক ৭-০ আৰু ওমানক ১৭-০ গ’লত পৰাস্ত কৰি নকআউট পৰ্যায়লৈ আগবাঢ়িছিল। ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ৫-০ গ’লত প্ৰভাৱশালী জয়লাভ কৰি দলটোৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পায়।
এতিয়া প্ৰকৃত পৰীক্ষা – কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সৈতে সংঘৰ্ষ
অহা ৫ ডিচেম্বৰত চেন্নাইত অনুষ্ঠিত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেলত ভাৰতে মুখামুখি হ'ব শক্তিশালী দল বেলজিয়ামৰ বিৰুদ্ধে। দলটোৰ ধাৰাবাহিক ফৰ্ম আৰু আগ্ৰাসী খেলৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দৰ্শকে এক ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ আশা কৰিব পাৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ