বনীয়ে ছলমানৰ সৈতে কৰিব বিচাৰিছিল আমিৰৰ ছবি ‘গজনী’,  আজিওঁ অনুশোচনা কৰে
২০০৮ চনত মুক্তি পোৱা ছুপাৰষ্টাৰ আমিৰ খানৰ ছবি ‘গজনী’ সেই যুগৰ অন্যতম ডাঙৰ ব্লকবাষ্টাৰ ছবি আছিল। এই ছবিখনত আমিৰ খানৰ বিপৰীতে অভিনয় কৰিছিল অভিনেত্ৰী আছিনে। এ আৰ মুৰুগাডোছৰ পৰিচালনাত নিৰ্মিত এই ছবিখন আছিল অল্লু অৰবিন্দ আৰু মধু মান্টেনাই প্ৰযোজনা কৰা
बोनी कपूर - फोटो सोर्स एक्स


২০০৮ চনত মুক্তি পোৱা ছুপাৰষ্টাৰ আমিৰ খানৰ ছবি ‘গজনী’ সেই যুগৰ অন্যতম ডাঙৰ ব্লকবাষ্টাৰ ছবি আছিল। এই ছবিখনত আমিৰ খানৰ বিপৰীতে অভিনয় কৰিছিল অভিনেত্ৰী আছিনে। এ আৰ মুৰুগাডোছৰ পৰিচালনাত নিৰ্মিত এই ছবিখন আছিল অল্লু অৰবিন্দ আৰু মধু মান্টেনাই প্ৰযোজনা কৰা একে নামৰ তামিল ছুপাৰহিট ছবিখনৰ হিন্দী পুনৰ্নিৰ্মাণ। এতিয়া প্ৰখ্যাত প্ৰযোজক বনী কাপুৰে এই ছবিখনক লৈ এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে।

এক সাক্ষাৎকাৰত বনী কাপুৰে প্ৰকাশ কৰে যে তেওঁ প্ৰথমে ছলমান খানৰ সৈতে ‘গজনী’ৰ হিন্দী সংস্কৰণ নিৰ্মাণ কৰিব বিচাৰিছিল, আৰু তেওঁৰ প্ৰথম পছন্দ আছিল ছলমান খান। বনীৰ মতে, ‘তেৰে নাম’ ছবিখনৰ ব্যৱধানৰ পিছত ছলমানৰ শ্বেভড হেড লুক আৰু তেওঁৰ শক্তিশালী শৰীৰটো ‘গজনী’ৰ চৰিত্ৰটোৰ বাবে নিখুঁত যেন লাগিছিল। তেওঁ অনুভৱ কৰিছিল যে ছলমানে সূৰ্যৰ চৰিত্ৰটো অতি ফলপ্ৰসূভাৱে পালন কৰিব পাৰিলেহেঁতেন।

হিন্দী অধিকাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাত পলম হৈ থাকিল। বনি কাপুৰে প্ৰকাশ কৰে যে তেওঁ হিন্দী অধিকাৰ লাভৰ বাবে তামিল ছবি গজনীৰ প্ৰযোজক মধু মান্টেনাৰ কাষ চাপিছিল। অৱশ্যে প্ৰায় ছমাহ ধৰি তেওঁ কেৱল আশ্বাসহে পাইছিল যে সেয়া হ’ব। এই পলমৰ বাবে ছবিখন তেওঁৰ হাতৰ পৰা পিছলি গ’ল, আৰু তেওঁ চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাছিল। বনী কাপুৰে আৰু কয় যে এই সময়ছোৱাত ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা প্ৰদীপ ৰাৱটে আমিৰ খানক তামিল ছবি গজনী দেখুৱাইছিল। ছবিখন চোৱাৰ পিছত আমিৰ খানে কাহিনীটো ইমানেই ভাল পাইছিল যে মধু মন্তেনা আৰু আল্লু অৰবিন্দৰ সৈতে কাম কৰি হিন্দী ৰিমেক নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়। প্ৰায় ছমাহৰ ভিতৰতে ছবিখন আমিৰ খানৰ হাতলৈ যায় আৰু তেওঁ প্ৰজেক্টটো এৰি দিয়ে।

বনী কাপুৰে স্পষ্টকৈ উল্লেখ কৰিছে যে ছলমান খানৰ সৈতে গজনী নিৰ্মাণ কৰিব নোৱাৰাৰ বাবে তেওঁ এতিয়াও অনুশোচনা কৰে। তেওঁৰ মতে ছলমান খানৰ সৈতে যদি ছবিখন নিৰ্মাণ কৰা হ’লহেঁতেন তেন্তে দৰ্শকৰ মাজতো ছবিখন সমানেই ডাঙৰ হিট হ’লহেঁতেন। ইয়াৰ পিছতো ব’নীৰ মতে আমিৰ খানৰ ‘গজনী’ ইতিমধ্যে হিন্দী চিনেমাৰ ইতিহাসত এখন স্মৰণীয় ছবিত পৰিণত হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande