
অভিনেতা ছানী দেউলৰ বহু প্ৰত্যাশিত ছবি ‘বৰ্ডাৰ ২’ক কেন্দ্ৰ কৰি দৰ্শকে প্ৰচণ্ড উৎসাহ গঢ়ি তুলিছে। শেহতীয়াকৈ মুক্তি পোৱা টিজাৰটোৱে উত্তেজনাক আৰু অধিক ইন্ধন যোগাইছে। অনুৰাগ সিঙৰ পৰিচালনাত নিৰ্মিত এই দেশপ্ৰেমমূলক ছবিখনে ২০২৬ চনৰ জানুৱাৰী মাহত চিনেমাগৃহত মুক্তি লাভ কৰাৰ কথা। ইফালে ছবিখন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ আৰু উৎসাহজনক খবৰ ওলাইছে। চৰ্চা চলিছে যে অভিনেতা অক্ষয় খান্নাই ‘বৰ্ডাৰ ২’ত শক্তিশালী কামবেক কৰিব পাৰে।
অক্ষয় খান্নাৰ সৈতে এই তাৰকাসকলো ঘূৰি আহিব পাৰে। খবৰ অনুসৰি ‘বৰ্ডাৰ ২’ত অক্ষয় খান্নাৰ সৈতে সুনীল শ্বেট্টী আৰু সুদেশ বেৰীও দেখা যাব পাৰে। তিনিওজন অভিনেতাই নিজ নিজ শ্বুটিং চেচন সম্পূৰ্ণ কৰিছে যদিও মেকাৰসকলে এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। ১৯৯৭ চনৰ ছুপাৰহিট ছবি বৰ্ডাৰত অক্ষয় খান্নাই দ্বিতীয় লেফটেনেণ্ট ধৰমবীৰ সিং ভাকৰী, সুনীল শ্বেট্টীয়ে সহকাৰী কমাণ্ডেণ্ট ভৈৰণ সিং ৰাথোৰৰ চৰিত্ৰত আৰু সুদেশ বেৰীয়ে মথুৰা দাসৰ চৰিত্ৰত অভিনয় কৰিছিল। বৰ্ডাৰ ২ত এই তিনিজন অভিনেতাই নতুন আৰু ভিন্ন চৰিত্ৰত অভিনয় কৰিব।
সূত্ৰ অনুসৰি ছবিখনত ১৯৭১ চনৰ যুদ্ধৰ পটভূমিত এক বিশেষ অনুষ্ঠানৰ সময়ত পুৰণি আৰু নতুন প্ৰজন্মৰ চৰিত্ৰসমূহে ইজনে সিজনৰ মুখামুখি হ’ব। এই ধাৰণাটো দৰ্শকৰ বাবে বিশেষ হ’ব, কিয়নো ই কেৱল নষ্টালজিয়াৰ সৃষ্টি কৰাই নহয়, প্ৰথমবাৰৰ বাবে পৰ্দাত সুনীল শ্বেট্টী আৰু আহন শ্বেট্টীৰ পিতৃ-পুত্ৰৰ যুটিক একেলগে দেখা যাব। ছানী দেওলৰ উপৰিও ছবিখনত বৰুণ ধৱন, দিলজিৎ দোসাঞ্জ, আৰু আহন শ্বেট্টীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। বৰ্ডাৰ ২ৰ জৰিয়তে নিৰ্মাতাসকলে প্ৰথমখন ছবিক ল্যাণ্ডমাৰ্ক কৰি তোলা দেশপ্ৰেম আৰু আবেগৰ একেটা মনোভাৱক পুনৰ দখল কৰিবলৈ সাজু হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ